নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিডেনে দেশ চীনৰ হাতত বিক্রী কৰিছে: ড’নাল্ড ট্রাম্প

নিয়মীয়া বাৰ্তা, ১৩ ছেপ্টেম্বৰঃ অহা ৩ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া আমেৰিকা যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতি নির্বাচনৰ প্রচাৰ অভিযান তুংগত উঠিছে৷ ৰাষ্ট্রপতি পদৰ ডেমক্রেটিক প্রার্থী জ’ বিডেন আৰু ৰিপাব্লিকান প্রার্থী তথা বর্তমানৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ মাজত নির্বাচনী প্রচাৰ সভাত অভিযোগ–প্রতি অভিযোগ উত্থাপিত হৈছে৷ ৰাষ্ট্রপতি ট্রাম্পে ডেমক্রেটিক প্রার্থী বিডেনৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰি কয় যে বিডেন হৈছে চীনৰ প্রতি দুর্বল, তেওঁ আৰু পৰিয়ালৰ লোকে চীনৰ সেনাৰ হাতত দেশখনক প্রত্যক্ষভাৱে বিক্রী কৰিছে৷

হোৱাইট হাউছত সাংবাদিকৰ সৈতে হোৱা কথোপকথনত ট্রাম্পে বিডেনৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি কয় যে জ’ বিডেনৰ পুত্রই নির্বাচনত পুঁজি যোগান ধৰি আছে৷ তেওঁৰ পুত্রজনে চীনৰ সামৰিক প্রতিৰক্ষা খণ্ডত যান–বাহনৰ সামগ্রী বিক্রী কৰি আহিছে৷ পুত্র হাণ্টাৰ বিডেন চাংহাইস্থিত প্রাইভেট ইকুইটী কোম্পানীত বোহাই হার্ভেষ্ট আৰ এছ টিৰ ১০ শতাংশ অংশীদাৰ৷

You might also like