নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রথমটো মুকলি বিতর্কত বিডেন–ট্রাম্পৰ তীব্র মতানৈক্য

নিয়মীয়া বাৰ্তা ১ অক্টোবৰঃ  আগন্তুক ৩ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া আমেৰিকাৰ ৰাষ্ট্রপতি নির্বাচনৰ প্রচাৰ অভিযানৰ প্রথমটো মুকলি বিতর্কত কালি হোৱাইট হাউছত ৰিপাব্লিকান প্রার্থী ড’নাল্ড ট্রাম্প আৰু ডেম’ক্রেটিক প্রার্থী জ’ বিডেনৰ মাজত বিভিন্ন বিষয় লৈ তীব্র মতানৈক্যৰ সৃষ্টি হয়৷ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পক সবল প্রত্যাহ্বান জনায় জ’ বিডেনে৷

উল্লেখনীয় যে কালি হোৱাইট হাউছৰ এই মুকলি বিতর্কত দুয়োগৰাকী নেতাই ক’ভিড–১৯ মহামাৰী, স্বাস্থ্য সেৱা আৰু অর্থনীতিৰ ওপৰত মন্তব্য আগবঢ়ায়৷ ৰাষ্ট্রপতি ট্রাম্পক শ্বেতাংগ আধিপত্যৰ প্রতি সমর্থন থকা বিষয়টোত প্রত্যাহ্বান জনাই বিডেনে বাৰে বাৰে কঠোৰ সোঁপন্থী গোটৰ কার্যক গৰিহণা দিবলৈ দাবী কৰে৷ কিন্তু ট্রাম্প এইক্ষেত্রত কোনো ধৰণৰ ধিক্কাৰ বা গৰিহণা দিয়াৰ পৰা বিৰত থাকে৷ ইফালে, নির্বাচনী সমীক্ষাবোৰত প্রকাশ পোৱা অনুসৰি প্রাৰম্ভিক পর্যায়ত জ’ বিডেন ট্রাম্পতকৈ আগবাঢ়ি আছে৷ কিন্তু আগন্তুক ৩৫টা দিনত দুয়োগৰাকী নেতাৰ মাজত কেনেধৰণৰ প্রতিদ্বন্দ্বিতা হ’ব পাৰে সেই কথা নিশ্চিত হ’ব৷

বিভিন্ন মহলে ধাৰণা কৰা অনুসৰি কেইবাখনো প্রদেশত বিডেন আৰু ট্রাম্পৰ মাজত তীব্র প্রতিদ্বন্দ্বিতা হোৱাৰ সম্ভাৱনা আছে৷ অৱশ্যে কালি দুয়োগৰাকী নেতাৰ মাজত অনুষ্ঠিত হোৱা প্রথমটো মুকলি বিতর্কই এইক্ষেত্রত বিশেষ প্রভাৱ নেপেলায় বুলি নির্বাচনী বিশ্লেষকসকলে ঘোষণা কৰিছে৷ পৰৱর্তী দুটাকৈ মুকলি বিতর্কত দুয়োগৰাকী নেতা মুখামুখি হ’ব৷

You might also like