নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমেৰিকাৰ ৰাষ্ট্রপতি নির্বাচনত জয়ী হ’ব বিডেন

নিয়মীয়া বাৰ্তা ৩১ আগষ্টঃ আমেৰিকা যুক্তৰাষ্ট্রত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্রপতি নির্বাচনত ডেম’ক্রেটিক প্রার্থী জ’ বিডেনে বর্তমানৰ ৰাষ্ট্রপতি ৰিপাব্লিকান প্রার্থী ড’নাল্ড ট্রাম্পক পৰাভূত কৰিব৷ ১৯৮৪ চনৰে পৰা ৰাষ্ট্রপতি নির্বাচনত জয়ী প্রার্থীৰ সফল ভৱিষ্যদ্বাণী কৰা আমেৰিকা বিশ্ববিদ্যালয়ৰ ইতিহাসৰ অধ্যাপক, লেখক এলান লিছটমেনে এই দাবী কৰিছে৷

ইতিহাসবিদগৰাকীয়ে প্রকাশ কৰা মতে, অহা ৩ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া মার্কিন ৰাষ্ট্রপতি নির্বাচনত জয়ী হ’ব জ’ বিডেন৷ তাৎপর্যপূর্ণ যে ২০১৬ চনৰ ৰাষ্ট্রপতি নির্বাচনত ডেম’ক্রেটিক প্রার্থী হিলাৰী ক্লিণ্টনক পৰাভূত কৰি ৰিপাব্লিকান ড’নাল্ড ট্রাম্পে হোৱাইট হাউছ দখল কৰিব বুলি কৰা ভৱিষ্যদ্বাণী সঁচা প্রমাণিত হৈছিল৷ লক্ষণীয় যে লিছটমেনে এই ভৱিষ্যদ্বাণী ঘোষণা কৰিবলৈ ‘১৩ কিজ’ ব্যৱস্থা ব্যৱহাৰ কৰিছে৷ এনে ক্ষেত্রত চলিত বর্ষৰ নির্বাচনক লৈ ইতিহাসবিদে কৰা ভৱিষ্যদ্বাণী বিশ্বজুৰি চর্চিত হৈছে৷

You might also like