কাবুলত আফগানিস্তানৰ উপৰাষ্ট্ৰপতিক বোমাৰে আক্ৰমণ; মৃত্যু ১০
নিয়মীয়া বাৰ্তা ৯ ছেপ্টেম্বৰঃ আফগানিস্তানৰ ৰাজধানী কাবুলত বুধবাৰে দেশখনৰ উপৰাষ্ট্ৰপতিৰ কনভয়ক লক্ষ্য কৰি বোমা নিক্ষেপ কৰাত কমেও ১০ জন লোকৰ মৃত্যু ঘটে। লগতে ১২ জনৰো অধিক লোক গুৰুত্বৰভাৱে আহত হয়। য’ত উপৰাষ্ট্ৰপতিৰ নিৰাপত্তাৰক্ষীও আহত হৈছে।
দেশখনৰ গৃহমন্ত্ৰণালয়ৰ বিষয়াই জনোৱা মতে, এতিয়ালৈকে কোনো সন্ত্ৰাসবাদী সংগঠনে এই ঘটনাৰ দায়িত্ব লোৱা নাই।
আনহাতে আফগানিস্তানৰ উপৰাষ্ট্ৰপতি অমৰুল্লাহ চালেহৰ পুত্ৰ এবাদ চালেহে টুইটাৰত লিখিছে যেতিয়া উপৰাষ্ট্ৰপতিৰ কনভয়ক লক্ষ্য কৰি বোমাৰে আক্ৰমণ কৰা হৈছিল, তেতিয়া তেওঁৰ পিতৃৰ সৈতে আছিল। বৰ্তমান দুয়োজনেই সুৰক্ষিত আছে বুলিও এবাদে স্পষ্ট কৰে।
Ebad Saleh, son of Afghanistan Vice President Amrullah Saleh, wrote on Twitter that he was alongside his father when a blast hit their convoy and that the Vice President is fine: TOLO News. #Afghanistan pic.twitter.com/RtnYI6Q48b
— ANI (@ANI) September 9, 2020