ইটালীত পর্ণ তাৰকাক পাশৱিক হত্যা; মৃতদেহ পুৰি টুকুৰা–টুকুৰকৈ কাটি পেলাই দিয়ে ৰাস্তাত
নিয়মীয়া বাৰ্তা, ২ এপ্ৰিলঃ নৃশংসভাৱে হত্যা কৰা হ’ল ইটালীৰ এগৰাকী পর্ণ তাৰকাক৷ ২৬ বছৰীয়া এই তৰুণীক হত্যা কৰিয়েই ক্ষান্ত থকা নাই আততায়ী৷ মৃতদেহ পুৰি টুকুৰা–টুকুৰকৈ কাটি ৰাস্তাত পেলাই দিয়ে৷ ইটালীৰ লোম্বার্ডি অঞ্চলৰ পেলিন গাঁৱৰ বাসিন্দাসকল ৰাস্তাত বস্তাত ভৰাই থোৱা অৱস্থাত এই টুকুৰা–টুকুৰ দেহাংশ উদ্ধাৰ হোৱাৰ পাছত হতচকিত হৈ পৰে৷ এই ভয়াৱহ হত্যাকাণ্ডত অভিযুক্ত হৈছে এগৰাকী বেংক কর্মী, নাম ডেভিড ফণ্টানা৷ ৪৩ বছৰীয়া ডেভিডে আৰক্ষীৰ ওচৰত এই হত্যাকাণ্ডৰ কথা স্বীকাৰ কৰিছে৷ তদন্তত পোহৰলৈ আহিছে অধিক নৃশংস তথা শিহৰণকাৰী তথ্য৷ ২৬ বছৰীয়া পর্ণ ছবিৰ অভিনেত্রী কেৰল মালটেছিক এমাহ পূর্বে হত্যা কৰিছিল ডেভিডে৷ তাৰ পাছত মৃতদেহ ৰাখে ফ্রিজাৰত৷ এমাহ পাছত মৃতদেহ বাহিৰ কৰি প্রথমে জ্বলোৱা হয়৷ তাৰ পাছত খণ্ড খণ্ডকৈ টুকুৰা কৰি ৰাস্তাত পেলাই দি অহা হয়৷ অভিনেত্রীগৰাকী ডেভিডৰ প্রতিৱেশী আছিল৷ তেওঁলোকৰ মাজত প্রণয়ৰ সম্পর্কও গঢ়ি উঠিছিল৷ সম্পর্কত ভাঙোন অহাৰ পাছতে হাতুৰিৰে মূৰত কোবাই তৰুণীগৰাকীক হত্যা কৰে ডেভিডে৷