নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইছলামিষ্ট জেহাদীৰ হিংস্র আক্রমণক লৈ উদ্বিগ্ন ৰাষ্ট্রসংঘঃ বুর্কিনা ফাছোত ১৩২ গঞাক হত্যা

নিয়মীয়া বাৰ্তা ৭ জুনঃ আফ্রিকান ৰাষ্ট্র বুর্কিনা ফাছোৰ এখন গাঁৱত সন্ত্রাসবাদীয়ে ১৩২গৰাকী লোকক গুলীয়াই নৃশংসভাৱে হত্যা কৰা ঘটনাক লৈ বিশ্বজুৰি সৃষ্টি হৈছে চাঞ্চল্য৷ উত্তৰ বুর্কিনা ফাছোত শেহতীয়াকৈ সংঘটিত হৈছে এই ৰক্তস্নানৰ ঘটনা৷ ছোলহান অঞ্চলৰ গাঁওখনত কালি নিশা ইছলামিষ্ট সন্ত্রাসবাদী দলে প্রৱেশ কৰি স্থানীয় বজাৰবোৰ জ্বলাই দিয়ে৷ ইয়াৰ পিছতেই গঞাৰ ঘৰবোৰত অগ্নিসংযোগ কৰি নির্বিকাৰভাৱে আতংকিত লোকৰ ওপৰত গুলীচালনা কৰে৷ এই গুলীচালনাত শিশু আৰু মহিলাসহ নিহত হয় ১৩২গৰাকী লোক৷

আক্রমণৰ পৰা কথমপি প্রাণ ৰক্ষা কৰি পলায়ন কৰা লোকে সংবাদ মাধ্যমক জনোৱা অনুসৰি নির্বিচাৰ এই পাশৱিক আক্রমণত নিহত লোকৰ সংখ্যা ডেৰ শতাধিক হ’ব৷ অৱশ্যে চৰকাৰী সূত্রই নিহত লোকৰ সংখ্যা ১৩২গৰাকী বুলি ঘোষণা কৰিছে৷ ইয়াৰ উপৰি আহত হৈছে তিনি শতাধিক লোক৷

তাৎক্ষণিকভাৱে কোনো ইছলামিষ্ট সন্ত্রাসবাদী গোটে এই আক্রমণৰ দায়িত্ব স্বীকাৰ কৰা নাই যদিও দাৰিদ্র্যপীড়িত দেশখনৰ উত্তৰ প্রান্তত দীর্ঘদিন ধৰি কুখ্যাত জেহাদী সংগঠনে স্থানীয় গঞাৰ ওপৰত আক্রমণ চলাই আহিছে৷ গাঁওবোৰত জেহাদীয়ে অতর্কিতে আক্রমণ কৰি পোহনীয়া পশু তথা খাদ্য সামগ্রী লুট কৰি নিয়া ঘটনা পূর্বৰে পৰা চলি আহিছে দেশখনত৷ এই আক্রমণৰ ঘটনাক তীব্র গৰিহণা দিছে বিশ্বৰ সর্বোচ্চ সংস্থা ৰাষ্ট্রসংঘৰ সচিবপ্রধান এণ্টনিও গুটেৰেছে৷

সচিবপ্রধানগৰাকীয়ে তাৎক্ষণিকভাৱে এই জঘন্য পাশৱিক আক্রমণৰ ঘটনা সন্দর্ভত আন্তর্জাতিক সম্প্রদায়ে গুৰুত্ব প্রদান কৰিব লাগে বুলি দাবী জনাইছে৷ বুর্কিনা ফাছোত চলা নাৰকীয় আক্রমণৰ ঘটনাৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্রহণ নকৰিলে দেশখনত নিৰীহ গঞাৰ ওপৰত এনে নিধনযজ্ঞ চলি থাকিব বুলিও গুটেৰেছে উল্লেখ কৰিছে৷

ইফালে, কালি নিশাৰ এই ঘটনাৰ পিছতেই দেশখনৰ ৰাষ্ট্রপতি ৰ’ছ কাবোৰে তিনিদিনীয়া ৰাষ্ট্রীয় শোক ঘোষণা কৰিছে৷ বর্তমান নিৰাপত্তা বাহিনীয়ে পলাই আত্মৰক্ষা কৰা লোকসকলক আশ্রয় শিবিৰত সংস্থাপিত কৰিছে যদিও শিবিৰবোৰত এতিয়া আত্মীয়ক হেৰুওৱা লোকৰ চিৎকাৰে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে৷ স্মর্তব্য যে শুকুৰবাৰে নিশা বুর্কিনা ফাছোৰ এখন গাঁৱত জেহাদীয়ে নির্বিচাৰভাৱে গুলীচালনা কৰি ১৪গৰাকী লোকক হত্যা কৰিছিল৷ দেশখনত জেহাদীবিৰোধী অভিযানত ইউৰোপীয় দেশ ফ্রান্সে সহায় কৰি আছে যদিও আক্রমণ প্রতিৰোধ কৰাটো সম্ভৱ হোৱা নাই৷

You might also like