নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এলএচিত সেনাৰ শক্তি বৃদ্ধিৰ পৰিকল্পনা চীনৰ

নিয়মীয়া বাৰ্তা ৯ ফেব্ৰুৱাৰীঃ লাডাখৰ এল এ চিত দুই দেশৰ মাজত চলি থকা উত্তেজনা হ্রাস কৰাৰ বাবে সামৰিক পর্যায়ত আলোচনা চলি থকাৰ মাজতে চীনে সীমান্তত সেনাৰ শক্তি বৃদ্ধি কৰাৰ পৰিকল্পনা কৰিছে৷ ভাৰতীয় নিৰাপত্তা সংস্থাৰ তথ্য অনুসৰি ৰঙা চীনে এল এ চিত অধিক পি এল এ জোৱান মোতায়েন কৰিব৷ তদুপৰি জোৱানৰ লগতে গধুৰ সামৰিক অস্ত্র–শেস্ত্র মোতায়েন কৰিব৷

পি এল এৰ তিনি সেনাবাহিনীৰ জোৱানক এল এ চিত অধিক পৰিমাণে মোতায়েন কৰাৰ লগতে মিছাইল আৰু ৰকেটো সাজু কৰিব৷ ৰঙা চীনৰ পৰিকল্পনা অনুসৰি এল এ চিত ৩৫খন গধুৰ সামৰিক বাহন আৰু চাৰি ১৫৫ এম এম পি এল জেড ৮৩ স্বয়ংক্রিয় ফাউজাৰ শিবিৰত ৰাখিব৷ লাডাখৰ পূব প্রান্তৰ ছুমাৰৰ এল এ চিৰ পৰা মাত্র ৮২ কিলোমিটাৰ নিলগৰ সেনাৰ শিবিৰত অতিৰিক্তকৈ সামৰিক বাহন, গধুৰ অস্ত্র–শস্ত্র মজুত ৰখাৰ পৰিকল্পনা কৰিছে বেইজিঙে৷ তথ্য মতে এল এ চিৰ ১৫৯৭ কিলোমিটাৰজোৰা অঞ্চলত পি এল এই সকলো প্রকাৰৰ অস্ত্র–শস্ত্রৰে সজ্জিত হৈ থকাৰ পৰিকল্পনা যুগুত কৰিছে৷

ভাৰতীয় সীমান্তৰ পৰা ২২৮ কিলোমিটাৰ নিলগৰ পি এল এ শিবিৰত ভূমিৰ পৰা ভূমিলৈ মিছাইল মোতায়েন কৰা হৈছে৷ তাৎপর্যপূর্ণ যে ভাৰতীয় বায়ুসেনা বাহিনীৰ আক্রমণৰ প্রতি শংকা ব্যক্ত কৰিয়েই পি এল এই এল এ চিৰ সমীপৰ বিভিন্ন শিবিৰত যুদ্ধাস্ত্র অধিক পৰিমাণে মজুত ৰাখিব৷ প্রসংগক্রমে উনুকিয়াব পাৰি যে যোৱা বর্ষৰ জুন মাহত লাডাখৰ গালৱান উপত্যকাত দুই দেশৰ সেনাৰ মাজত সংঘর্ষৰ পিছতে সীমান্তত উত্তেজনা অব্যাহত আছে৷

You might also like