চীনত পুনৰ বৃদ্ধি পাইছে ক’ভিড, ঔষধৰ নাটনি
নিয়মীয়া বাৰ্তা, ১১ ডিচেম্বৰ: ক’ৰোনা ভাইৰাছে আকৌ এবাৰ চীনৰ অসুবিধা বৃদ্ধি কৰিছে। দ্ৰুতগতিত বৃদ্ধি পাইছে ক’ৰোনা আক্ৰান্তৰ সংখ্যা। সমগ্ৰ চীনতে ঔষধৰ দোকানত দেখা গৈছে মানুহৰ দীঘলীয়া শাৰী। জিনপিঙৰ চৰকাৰে স্বাস্থ্য সেৱাৰ উন্নতিৰ বাবে চেষ্টা চলাইছে। চীনত লকডাউনৰ বিৰুদ্ধে চলি থকা প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত শেহতীয়াকৈ চৰকাৰে শূন্য কভিড নিয়ম শিথিল কৰিছে।
জিনপিং চৰকাৰে এতিয়া কভিড কেয়াৰ চেণ্টাৰৰ সংখ্যা বৃদ্ধি কৰিছে। ইয়াৰ উপৰিও চিকিৎসালয়সমূহত স্বাস্থ্য সেৱা শক্তিশালী ৰূপত গঢ়ি তুলিবলৈ চেষ্টা চলোৱা হৈছে। অৱশ্যে তীব্ৰ প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত এতিয়া চৰকাৰে লকডাউন বা কোৱাৰেণ্টাইনৰ দৰে কঠোৰ নিয়ম কাৰ্যকৰী নকৰে। কভিড জিৰ’ নীতিৰ কঠোৰ নিয়ম যেনে লকডাউন, কোৱাৰেণ্টাইন বা যাতায়ত নিষেধাজ্ঞাৰ পৰিৱৰ্তে অন্য পদ্ধতিৰে এতিয়া চৰকাৰে ক’ৰোনাক নিয়ন্ত্ৰণ কৰিব। ইয়াৰ বাবে চৰকাৰে যুগুত কৰিছে এক কৌশল।