মার্কিন যুক্তৰাষ্ট্রৰ পক্ষ নল’বলৈ ভাৰতক পৰামর্শ বেইজিঙৰ
নিয়মীয়া বার্তা, ২ জুনঃ ক’ভিড–১৯ মহামাৰীক লৈ চীন আৰু আমেৰিকা যুক্তৰাষ্ট্রৰ মাজত চলি থকা উত্তেজনাৰ সময়তে ভাৰতক এই দণ্ডত অংশ নল’বলৈ আহ্বান জনাইছে চীনে৷ আনকি মার্কিন যুক্তৰাষ্ট্রৰ পক্ষ নল’বলৈ স্পষ্ট ৰূপত ভাৰতক পৰামর্শ আগবঢ়াইছে বেইজিঙে৷
উল্লেখ্য যে ক’ৰোনা ভাইৰাছ লেবৰেটৰীৰ পৰা চীনে বিশ্বলৈ বিয়পাই দিয়া বুলি মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে অভিযোগ উত্থাপন কৰি আহিছে৷ এই লৈ দুই দেশৰ মাজত ইতিমধ্যে প্রত্যক্ষ সংঘাত আৰম্ভ হৈছে৷ আনকি দুই দেশৰ মাজত ক’ভিড–১৯ক লৈ নতুন শীতল যুঁজ আৰম্ভ হৈছে৷ এই শীতল যুঁজত ভাৰতক আমেৰিকাৰ সংগ নিদিবলৈ পৰামর্শ আগবঢ়োৱাৰ লগতে পৰোক্ষভাৱে সকীয়নিও দিছে বেইজিঙে৷ আমেৰিকাক সংগ দিলে ভাৰতৰ অর্থনীতিৰ ওপৰত বিৰূপ প্রভাৱ পৰিব পাৰে বুলিও বেইজিঙে সকীয়নি দিছে৷
তাৎপর্যপূর্ণ যে এই সময়ছোৱাত লাডাখৰ এলএচিৰ সমীপত ভাৰতে আন্তঃগাঁথনি নির্মাণ কৰাক লৈ চীন আৰু ভাৰতৰ মাজত সংঘাত চলি আছে৷ সীমান্তত দুয়ো দেশে সামৰিক শক্তি বৃদ্ধি কৰি আছে৷ এনে সময়তে আমেৰিকাক লৈ এইবাৰ ভাৰতক পৰামর্শ দিয়াটো চর্চাৰ বিষয়৷