ভাৰতলৈ ভাবুকি সীমান্তত চীনৰ নতুন ৰে’লপথ
নিয়মীয়া বাৰ্তা, ৩ এপ্ৰিলঃ ব্রহ্মপুত্রৰ উৎপত্তিস্থলৰ সমীপৰ পৰা উত্তৰ–পূর্বাঞ্চলৰ অৰুণাচল প্রদেশলৈ বোৱঁতী পানী ভেটি বান্ধ নির্মাণেৰে ভাৰতলৈ শংকা নমাই অনা চুবুৰীয়া ৰাষ্ট্র চীনৰ সীমান্তত নির্মীয়মাণ ৰে’লপথেও ভাবুকি কঢ়িয়াই আনিব৷ উত্তৰ–পূর্বাঞ্চলৰ ৰাজ্য অৰুণাচল প্রদেশৰ ভাৰতীয় সীমান্তৰ নিচেই সমীপতে নির্মাণৰ পৰিকল্পনা কৰা ছিছুৱান তিব্বত ৰে’লপথে ভাৰতৰ সার্বভৌমত্ব, ভৌগোলিক অখণ্ডতাৰ প্রতি ভাবুকি কঢ়িয়াই আনিব৷ এই শংকা প্রকাশ কৰিছে চীনৰ কর্মসূচীক লৈ অধ্যয়ন কৰি থকা গৱেষক–বিশেষজ্ঞস৷
মন কৰিবলগীয়া যে ২০৩০ চনৰ ভিতৰত সম্পূর্ণ হ’বলগীয়া ছিছুৱান তিব্বত ৰে’লপথে চীনৰ পিএলএৰ গতিবিধি আৰু সংযোগ ভাৰতৰ সীমান্তৰ সৈতে সহজ কৰি তুলিব৷ বিশেষকৈ উত্তৰ–পূর্বাঞ্চলৰ অৰুণাচল প্রদেশ আৰু ছিকিমৰ সীমান্তত চীনৰ সেনাৰ গতিবিধি বৃদ্ধি পাব৷ ইয়ে দেশখনৰ সেনাক ভাৰতীয় সীমান্তত গোপন পৰিকল্পনা কৰাৰ সুযোগ প্রদান কৰিব৷ ঠিক তেনেদৰে সীমান্তত ২০২১ চনৰ ভিতৰত প্রতিৰক্ষা গাঁও নির্মাণো সম্পূর্ণ কৰি তুলিব৷ সীমান্তৰ এই গাঁওসমূহত শাসকীয় কমিউনিষ্ট পার্টীৰ কর্মীসকলক সংস্থাপন কৰিব৷ ইয়াৰ জৰিয়তে সীমান্তত চীনৰ নাগৰিকৰ লগতে সেনাৰ গতিবিধি বৃদ্ধি পাব৷ যাৰ জৰিয়তে ভাৰতৰ সেনাৰ গতিবিধি আৰু গোপন তথ্য সংগ্রহৰ সুযোগ লাভ কৰিব৷
উল্লেখ্য যে ছিছুৱান তিব্বত ৰে’লপথটি অৰুণাচল প্রদেশ আৰু ছিকিমৰ সীমান্তৱর্তী মেডং, লুনজে, য়াডং, কোনা, নিনাচি আদি প্রদেশৰ সৈতে সংযুক্ত হৈ থাকিব৷