নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাকিস্তানত গিৰ্জাত আক্ৰমণ, উদ্বিগ্ন আমেৰিকা

বিশেষ বাৰ্তা, ১৭ আগষ্ট : পাকিস্তানত খ্ৰীষ্টান সম্প্ৰদায়ৰ ওপৰত হিংসা আৰম্ভ কৰিছে উন্মাদ লোকে। দুষ্কৃতিকাৰীয়ে ইটোৰ পিছত সিটো গিৰ্জা ভাঙি জুই লগাই দিছে। সংখ্যালঘু খ্ৰীষ্টান সম্প্ৰদায়ৰ ঘৰত মুক্তভাৱে চলিছে লুণ্ঠন ! পাকিস্তানৰ পঞ্জাব প্ৰদেশৰ ঔদ্যোগিক চহৰ ফৈছালাবাদকে ধৰি কেইবাটাও অঞ্চলত বুধবাৰে বিয়লিৰ পৰা এনেবোৰ ঘটনাৰ খবৰ পোহৰলৈ আহিছে। উল্লেখ্য যে হিন্দুৰ ওপৰত আক্ৰমণ, মন্দিৰত অগ্নিসংযোগ কৰাটো পাকিস্তানত তেনেই সাধাৰণ কথা। এইবাৰ অভিযোগ উত্থাপন হৈছে যে পাকিস্তানী উগ্ৰ মুছলমান গোটে খ্ৰীষ্টানসকলক লক্ষ্য কৰি লৈছে। আমেৰিকাৰ সংবাদ মাধ্যমৰ মতে, বুধবাৰে পঞ্জাবৰ জাৰণৱালাত আৰক্ষীয়ে দুজন খ্ৰীষ্টান যুৱকক ধৰ্মক অৱমাননা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰাৰ পিছত উত্তেজনা বিয়পি পৰে। পৰৱৰ্তী সময়ত গিৰ্জা আৰু খ্ৰীষ্টান সম্প্ৰদায়ৰ ওপৰত আক্ৰমণ আৰম্ভ কৰে। বৃহস্পতিবাৰে আমেৰিকাই পাকিস্তানত খ্ৰীষ্টানসকলৰ ওপৰত হোৱা আক্ৰমণৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। ৰাষ্ট্ৰপতি জো বাইডেনৰ প্ৰশাসনৰ ষ্টেট ডিপাৰ্টমেণ্টৰ মুখপাত্ৰ বেদান্ত পেটেলে কয় যে পঞ্জাব প্ৰদেশত খ্ৰীষ্টানসকলৰ ওপৰত চলি থকা হিংসাক লৈ ৱাশ্বিংটন চিন্তিত। তেওঁ কয়- ‘পাকিস্তান চৰকাৰে সংখ্যালঘুসকলৰ বাবে অনতিপলমে নিৰাপত্তাৰ ব্যৱস্থা কৰিব লাগে। ঘটনাৰ তদন্ত কৰি দোষী চিনাক্ত কৰিব লাগে।’

You might also like