নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সংঘর্ষ–মহামাৰীয়ে গৃহহীন কৰিলে ৮ কোটি লোকক

নিয়মীয়া বাৰ্তা, ১১ ডিচেম্বৰঃ বিশ্বৰ বিভিন্ন প্রান্তত চলি থকা সশস্ত্র সংঘাত আৰু ক’ভিড–১৯ মহামাৰীৰ বাবে চলিত বর্ষটোত অভিলেখসংখ্যক লোক নিজ গৃহৰ পৰা স্থানচ্যুত হ’বলগীয়া হৈছে৷ ৰাষ্ট্রসংঘৰ শৰণার্থী সংস্থা ইউএনএইচচিআৰৰ প্রতিবেদন অনুসৰি চলিত বর্ষটোৰ মাজভাগলৈকে স্থানচ্যুত লোকৰ সংখ্যাই অতিক্রম কৰিছে ৮০ কোটি৷ পূর্বৰে পৰা চলি থকা সামৰিক সংঘাতৰ উপৰি বিভিন্ন অঞ্চলত নতুনকৈ সংঘর্ষ বিয়পি পৰিছে৷ ইয়াৰ উপৰি ক’ভিড–১৯ মহামাৰীয়ে নাটকীয়ভাৱে গৃহভূমিৰ পৰা স্থানচ্যুত লোকসকলৰ জীৱনৰ ওপৰত ভয়াৱহ প্রভাৱ পেলাইছে৷

প্রতিবেদন অনুসৰি চলিত বর্ষৰ আৰম্ভণিতে ৭৯.৫ নিযুত লোকক বিভিন্ন নির্যাতন, সামৰিক সংঘাত তথা মানৱ অধিকাৰ উলংঘনৰ আতিশয্যৰ বাবে ঘৰ তথা দেশ এৰিবলৈ বাধ্য কৰাইছিল৷ এই স্থানচ্যুত লোকসকলৰ ৪৫.৭ নিযুত আছিল আভ্যন্তৰীণভাৱে স্থানচ্যুত লোক৷ আনফালে ২৯.৬ নিযুত আছিল শৰণার্থী৷ তেওঁলোকক দেশ এৰিবলৈ বাধ্য কৰোৱা হৈছে সংঘর্ষৰে আতংক সৃষ্টি কৰি৷

ইফালে ৪.২ নিযুত আছিল বিদেশত আশ্রয় বিচৰা লোক৷ উল্লেখনীয় যে গৃহভূমিৰ পৰা স্থানচ্যুত লোকসকলৰ প্রায় তিনি কোটি ৪০ লাখেই হৈছে ১৮ বছৰ বয়সৰ তলৰ তৰুণ তথা কিশোৰ৷ ছিৰিয়া, ভেনিজুৱেলা, আফগানিস্তান, ম্যানমাৰ আদি দেশৰ পৰা অধিকসংখ্যক লোক সংঘর্ষৰ বাবে স্থানচ্যুত হোৱা বুলি ৰাষ্ট্রসংঘৰ শেহতীয়া এই প্রতিবেদনত উল্লেখ কৰা হৈছে৷ স্মর্তব্য যে ৰাষ্ট্রসংঘৰ সচিব প্রধান এণ্ট’নি’ গুটেৰেছে মার্চ মাহতে বিশ্ব সম্প্রদায়ক গোলকীয় যুদ্ধবিৰতিৰ আহ্বান জনাইছিল যদিও সকলো পক্ষই এই আহ্বানক অগ্রাহ্য কৰিছে৷

You might also like