নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইবোলাতকৈও মাৰাত্মক মহামাৰীৰ সন্মুখীন হ’ব মানৱজাতি

নিয়মীয়া বাৰ্তা ৫ জানুৱাৰীঃ ক’ভিড–১৯তকৈ ভয়াৱহ মহামাৰীয়ে মানৱজাতিৰ বাবে কঢ়িয়াই আনিব বিপর্যয়৷ সুদীর্ঘ চাৰি দশকতকৈ অধিককাল পূর্বে ইবোলা ভাইৰাছ আৱিষ্কাৰ কৰা বিশেষজ্ঞ চিকিৎসক এগৰাকীয়ে এই সতর্কবাণী কৰিছে৷ চিকিৎসা বিজ্ঞানী জাঁ–জেকছ মুয়েম্বে টাম্ফুমে সতর্কবাণী কৰা অনুসৰি কেইবা প্রকাৰৰ মাৰাত্মক ৰোগত আক্রান্ত হ’ব মানৱ জাতি৷ আফ্রিকাৰ বর্ষা অৰণ্যৰ পৰা অতি ভয়ংকৰ ভাইৰাছৰ প্রাদুর্ভাৱ ঘটিব পাৰে বুলি আশংকা প্রকাশ কৰিছে চিকিৎসা বিজ্ঞানীগৰাকীয়ে৷

উল্লেখনীয় যে ইতিমধ্যে কংগো গণতান্ত্রিক গণৰাজ্যৰ এখন প্রত্যন্ত গাঁৱত এগৰাকী মহিলা হেম’ৰেজিক ফিভাৰত আক্রান্ত হৈছে৷ মহিলাগৰাকীৰ এই ৰোগ মাৰাত্মক বুলি উল্লেখ কৰিছে চিকিৎসা বিজ্ঞানীগৰাকীয়ে৷ সংবাদ সংস্থা চি এন এনৰ প্রতিবেদন অনুসৰি কংগোৰ ইনগেণ্ডে নামৰ গাঁওখনত মহিলাগৰাকীৰ ইবোলাকে ধৰি বিভিন্ন ৰোগৰ পৰীক্ষা কৰা হৈছে৷ কিন্তু এই সকলো ৰোগৰ পৰা মহিলাগৰাকী মুক্ত বুলি সদৰী কৰিছে বিশেষজ্ঞ চিকিৎসকসকলে৷ লগে লগে মহিলাগৰাকী তথাকথিত ‘ডিজিজ এক্স’ত আক্রান্ত হোৱা বুলি ধাৰণা কৰিছে বিজ্ঞানীসকলে৷ এই নতুন অপ্রত্যাশিত সংক্রামক ৰোগে ক’ৰোনা ভাইৰাছ মহামাৰীৰ দৰে দ্রুততাৰে মানৱ সমাজত সংক্রমণ ঘটাব পাৰে বুলি আশংকা কৰা হৈছে৷

বিশ্ব স্বাস্থ্য সংস্থাৰ তৰফৰ পৰাও এই নতুন ৰোগবিধে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে বুলি আশংকা কৰিছে৷ বিজ্ঞানী টাম্ফুমৰ মতে এতিয়া বিশ্বত নতুন মাৰাত্মক সংক্রামক ৰোগৰ সন্মুখীন হ’ব লাগিব মানৱ জাতি৷

You might also like