নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অৰুণাচলৰ সমীপত ৰাষ্ট্রীয় পথ নির্মাণ চীনৰ

নিয়মীয়া বাৰ্তা ২১ মেঃ দক্ষিণ–পূব তিব্বত স্বায়ত্তশাসিত অঞ্চলত চীনে এক ৰাষ্ট্রীয় ঘাইপথ নির্মাণৰ কাম সম্পূর্ণ কৰি তুলিছে৷ দুর্গম পার্বত্য অঞ্চলত ২ কিলোমিটাৰ দৈর্ঘ্যৰ এক সুৰংগও নির্মাণ কৰিছে বেইজিং প্রশাসনে৷ উল্লেখনীয় যে অৰুণাচলৰ সীমান্তৰ সমীপলৈ জুৰি আছে এই ৰাষ্ট্রীয় ঘাইপথটো৷ ভৱিষ্যতে ভাৰতৰ নিৰাপত্তাৰ বাবে চীনৰ এই ঘাইপথটো প্রত্যাহ্বান হৈ পৰিব বুলি আশংকা কৰিছে বিশেষজ্ঞসকলে৷

উল্লেখনীয় যে অতি গভীৰ গিৰিখাদৰ মাজেৰে এই ৰাষ্ট্রীয় ঘাইপথটো নির্মাণ কৰা হৈছে৷ য়াৰলং জাংব’গিৰি খাদৰে নির্মাণ কৰা এই ৰাষ্ট্রীয় ঘাইপথে অৰুণাচল প্রদেশৰ সমীপৱর্তী অঞ্চললৈ চীনৰ যাতায়াত সুচল কৰি তুলিব৷ চীনৰ সৈতে জুৰি আছে ভাৰতৰ বিস্তীর্ণ সীমান্ত অঞ্চল৷ লাডাখ আৰু অৰুণাচল প্রদেশ হৈছে অতি স্পর্শকাতৰ৷ ইতিমধ্যে লাডাখত চীনে আৰম্ভ কৰিছে বিভিন্ন ধৰণৰ সামৰিক অনুশীলন৷ আজি ভাৰতৰ স্থলসেনাৰ মুৰব্বী জেনেৰেল এম এম নাৰাৱানেই উল্লেখ কৰিছে যে লাডাখৰ পানগং অঞ্চলৰ সমীপত তীক্ষ্ণ নজৰ ৰাখিছে সেনাই৷ ভাৰতীয় সেনাই আনকি চীনৰ আভ্যন্তৰৰ সীমান্তৱর্তী অঞ্চলত চলি থকা পিএলএৰ প্রশিক্ষণৰ ওপৰতো নিৰীক্ষণ চলাই আছে৷ অৱশ্যে অৰুণাচল সীমান্তত বর্তমান পৰিস্থিতি সুস্থিৰ বুলি সেনা সূত্রই সদৰী কৰিছে৷

You might also like