ক’ৰোনাত আক্রান্ত হ’ব বিশ্বৰ ১০ শতাংশ লোক
নিয়মীয়া বাৰ্তা, ৬ অক্টোবৰ: বিশ্বৰ ১০ শতাংশ লোক অর্থাৎ প্রতি ১০জনৰ বিপৰীতে এজন লোক মহামাৰী ক’ভিড–১৯ত আক্রান্ত হোৱাৰ সম্ভাৱনা ব্যক্ত কৰি দেশসমূহক সকীয়নি প্রদান কৰিছে বিশ্ব স্বাস্থ্য সংস্থাৰ জৰুৰীকালীন সেৱাৰ মুৰব্বী ডাঃ মাইকেল ৰিয়ানে৷ জেনেভাত অনুষ্ঠিত বিশ্ব স্বাস্থ্য সংস্থাৰ ৩৪জনীয়া সদস্যৰ কার্যকৰী বৈঠকত ডাঃ মাইকেল ৰিয়ানে ক’ভিড–১৯ক লৈ দেশসমূহক অধিক সচেতন হ’বলৈ সকীয়নি দিয়ে৷ মুৰব্বীগৰাকীয়ে প্রকাশ কৰা মতে সম্প্রতি বিশ্বত ক’ভিডত আক্রান্ত লোকৰ ২০গুণ অধিক হ’ব৷ জটিল পৰিস্থিতি আহিবলৈ বাকী আছে বুলি সকীয়নি দি ডাঃ ৰিয়ানে কয় যে চহৰাঞ্চলৰ পৰা গ্রামাঞ্চললৈ ক’ভিড–১৯ৰ সংক্রমণ বৃদ্ধি পাব৷ পৰিণতিত বিশ্বত এই মহামাৰী ভাইৰাছক লৈ কঠিন পৰিস্থিতিৰ সৃষ্টি হ’ব৷ ডাঃ ৰিয়ানে প্রকাশ কৰা মতে দক্ষিণ–পূব এছিয়াৰ লগতে ইউৰোপ আৰু পূব প্রান্তৰ ভূমধ্যসাগৰীয় অঞ্চলসমূহত মৃত্যুৰ হাৰ অধিক হৈছে৷ আফ্রিকা আৰু প্রশান্ত মহানগৰীৰ পশ্চিম অঞ্চলৰ দেশসমূহত ক’ভিড–১৯ৰ আক্রান্তৰ সংখ্যা অধিক৷ যি হাৰত বিশ্বজুৰি মহামাৰী ভাইৰাছটোত আক্রান্তৰ সংখ্যা বর্ধিত হৈ আছে, তাৰ পৰিপ্রেক্ষিতত সম্ভাৱনা মতে বিশ্বৰ ১০ শতাংশ লোক এই মহামাৰীত আক্রান্ত হ’ব৷
সম্প্রতি বিশ্বত প্রায় ৭৬০ কোটি লোক আছে আৰু ইয়াৰে ভিতৰত ৭৬ কোটি লোক ক’ৰোনা ভাইৰাছত আক্রান্ত হ’ব পাৰে৷ এনেদৰে মৃতকৰ সংখ্যাও বৃদ্ধি হ’ব বুলি ধাৰণা কৰা হৈছে৷ তাৎপর্যপূর্ণ যে বিশ্বৰ দেশসমূহত আক্রান্ত আৰু মৃতকৰ সংখ্যা যিমানখিনি প্রচাৰ হৈ আছে তাতকৈ অধিক আক্রান্ত আৰু মৃত্যু ঘটিছে বুলিও বৈঠকত পর্যালোচনা কৰা হয়৷ যোৱা মে’ মাহত কার্যকৰী ব’ডৰ বিশেষ বৈঠকত বিশ্ব স্বাস্থ্য সংস্থাই মহামাৰীৰ বিৰুদ্ধে যুঁজিবলৈ যি প্রস্তাৱ গ্রহণ কৰা হৈছিল, সেই প্রস্তাৱক কার্যকৰী কৰাৰ ক্ষেত্রতো গুৰুত্ব আৰোপ কৰা হয়৷ বৈঠকত ডাঃ ৰিয়ানে বাৰম্বাৰ এই কথা সকীয়াই দিয়ে যে বিশ্ব জটিল পৰিস্থিতিৰ দিশে আগবাঢ়ি আছে৷ মহামাৰী ভাইৰাছৰ সংক্রমণৰ ধাৰা অব্যাহত আছে৷ বিশ্বৰ কেইবাখনো দেশত ইয়াৰ সংখ্যা দ্রুতগতিত বৃদ্ধি পাইছে৷ আনকি নিয়ন্ত্রণলৈ অহা কিছু দেশত পুনৰ ভাইৰাছৰ সংক্রমণ বর্ধিত হৈছে৷