বিশ্বৰ প্রথম জন্মতেই ক’ৰোনাৰ এণ্টিব’ডী
গর্ভৱতী মাতৃয়ে ক’ভিড–১৯ ভেকচিন লোৱাৰ তিনি মাহ পিছত জন্ম পাইছিল সন্তান
নিয়মীয়া বাৰ্তা, ১৯ মাৰ্চঃ নৱজাতকৰ দেহত ন’ভেল ক’ৰোনা ভাইৰাছ তথা ক’ভিড–১৯ এণ্টিব’ডী৷ বিশ্বৰ প্রথম এনে কেঁচুৱা জন্ম পোৱা বুলি আমেৰিকা যুক্তৰাষ্ট্রৰ ফ্ল’ৰিডা আটলাণ্টিক বিশ্ববিদ্যালয়ৰ তথ্যত প্রকাশ পাইছে৷ মহামাৰী ক’ভিড–১৯ প্রতিৰোধৰ বাবে মানৱ দেহত এণ্টিব’ডী অর্থাৎ প্রতিৰোধী ক্ষমতা সন্দর্ভত ব্যাপক চর্চা চলি থকাৰ সময়তে আমেৰিকা যুক্তৰাষ্ট্রত ক’ৰোনা ভাইৰাছ এণ্টিব’ডীসম্পন্ন কেঁচুৱা এটি জন্ম পাইছে৷
উল্লেখ্য যে গর্ভৱতী মহিলা এগৰাকীয়ে ক’ভিড–১৯ ভেকচিন ‘মডার্না এম আৰ এন এ’ৰ প্রথম ড’জ লোৱাৰ তিনি সপ্তাহৰ পাছত এটি সন্তান জন্ম দিয়ে৷ সন্তানটি জন্ম পোৱাৰ পাছতে শিশু চিকিৎসকে কেঁচুৱাটিৰ ৰক্ত পৰীক্ষা কৰাত এই পৰীক্ষাত কেঁচুৱাটিৰ দেহত ক’ৰোনা ভাইৰাছ এণ্টিব’ডী ধৰা পৰে৷ ফ্ল’ৰিডা আটলাণ্টিক বিশ্ববিদ্যালয়ৰ বিজ্ঞানী পল গিলবার্ট আৰু ছাড ৰুডনিকে প্রকাশ কৰা তথ্য মতে ছাৰচ–ক’ভ–২ আই জি জি এণ্টিব’ডী কেঁচুৱাটিৰ দেহত চিনাক্ত কৰা হৈছে৷ এই কেঁচুৱাটি হৈছে বিশ্বৰ এনে প্রথম কেঁচুৱা৷
উল্লেখ্য যে ৩৬ সপ্তাহৰ গর্ভৱতী মহিলাগৰাকীয়ে উল্লিখিত ভেকচিনৰ প্রথম ড’জ লোৱাৰ তিনি সপ্তাহ পাছত সন্তানটি জন্ম দিয়ে৷ এই সন্তানটি সুস্থ–সবল কন্যা৷