নিয়মীয়া বাৰ্তা, ১৯ মাৰ্চঃ ৰাজনৈতিক দলসমূহৰ পুঁজি সংগ্রহ আৰু দলসমূহৰ একাউণ্টৰ স্বচ্ছতাক লৈ প্রশ্ণ উত্থাপন কৰি ইলেক্ট্র’ৰেল বণ্ড বিক্রী প্রক্রিয়া আৰম্ভ কৰা সন্দর্ভত জনোৱা ৰাজহুৱা স্বার্থজড়িত আবেদনৰ (পি আই এল) শুনানি অহা ২৪ মার্চত গ্রহণ কৰিব উচ্চতম ন্যায়ালয়ে৷ সর্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এছ এ ব’বডে নেতৃত্বাধীন তিনিজনীয়া বিচাৰপীঠে আজি ইলেক্ট্র’ৰেল বণ্ড বিক্রীৰ ক্ষেত্রত কেন্দ্রক নির্দেশনা আৰু পি আই এলৰ শুনানি নোহোৱালৈকে এই প্রক্রিয়া আগবঢ়াই নিনিবলৈ নির্দেশ দিয়াৰ লগতে এই সন্দর্ভত অহা ২৪ মার্চত শুনানি গ্রহণ কৰিব৷ এছ’চিয়েচন ফৰ ডেম’ক্রেটিক ৰিফর্মছে দাখিল কৰা পি আই এল বিগত দুবছৰ ধৰি শুনানিৰ বাবে তালিকাভুক্ত নকৰাৰ যুক্তি প্রদর্শন কৰে জ্যেষ্ঠ অধিবক্তা প্রশান্ত ভূষণে৷ এ ডি আৰৰ হৈ প্রশান্ত ভূষণে যুক্তি প্রদর্শন কৰাৰ পাছতে সর্বোচ্চ ন্যায়ালয়ে অহা ২৪ মার্চত পি আই এলখন শুনানিৰ বাবে তালিকাভুক্ত কৰে৷
Next Post
You might also like