বাংলাদেশত বন্ধ ইস্কন মন্দিৰঃ পুৰোহিতসহ ৩৬ ক’ৰোনাত আক্রান্ত
নিয়মীয়া বাৰ্তা, ২৭ এপ্ৰিলঃ বিশ্বব্যাপী মহামাৰীৰ ৰূপ ধাৰণ কৰা ক’ৰোনা ভাইৰাছ এতিয়া মানুহৰ বাবে মৃত্যুদূতত পৰিণত হৈছে৷ প্রতিদিনে মৃতক আৰু আক্রান্তৰ সংখ্যা বৃদ্ধি পাই আহিছে৷ আমেৰিকাসহ বিভিন্ন দেশত এতিয়া মৃতদেহৰ দ’ম বান্ধিছে৷ এইবাৰ বাংলাদেশৰ ৰাজধানী ঢাকাৰ স্বামীবাগত থকা ইস্কন মন্দিৰত ক’ৰোনাৰ সংক্রমণ চিনাক্ত হোৱাত এই মন্দিৰটো বন্ধ কৰিবলগীয়া অৱস্থা সৃষ্টি হ’ল৷ মন্দিৰটোৰ পুৰোহীতসহ মুঠ ৩৬জন লোক ক’ৰোনা ভাইৰাছত আক্রান্ত হোৱাত কর্তৃপক্ষই এই সিদ্ধান্ত ল’ব লগা হয়৷
স্থানীয় সূত্রত জানিব পৰা মতে, ইস্কন মন্দিৰটোৰ ৩৬ জন লোকৰ শৰীৰত ক’ৰোনা ভাইৰাছৰ বীজাণু পোৱাত কালি মন্দিৰটো বন্ধ কৰি দিব লগা হয়৷ ইয়াৰ ফলত ভক্তৰ বাবেও সম্পূর্ণৰূপে বন্ধ হ’ল প্রৱেশ৷ এই প্রসংগত ঢ়াকা মহানগৰ আৰক্ষীৰ উপ–আয়ুক্ত শ্বাহ ইফতেখাৰুল ইছলামে কয় যে ক’ৰোনা ভাইৰাছৰ বাবে দেশৰ বেছিভাগ অঞ্চলতেই লকডাউন বলৱৎ কৰা হৈছে৷ বন্ধ হৈ পৰিছে যান–বাহন৷ এই মন্দিৰটোৰ ভিতৰতেই বাস কৰিছিল ৩৬জন লোকে৷ ইয়াৰ মাজৰে কেইজনমানৰ জ্বৰ–কাহ দেখা দিয়াত শাৰীৰিক পৰীক্ষা সম্পন্ন কৰে মন্দিৰ কর্তৃপক্ষই৷
পৰীক্ষাৰ পাছত তেওঁলোকৰ শৰীৰত ক’ৰোনা ভাইৰাছৰ উপস্থিতি ধৰা পৰে৷ আজি দ্বিতীয় পৰীক্ষা কৰা হ’ব বুলিও তেওঁ জনায়৷
উল্লেখ্য যে বাংলাদেশত শেহতীয়া তথ্য মতে, ৫,৪১৬ জন লোক আক্রান্ত হৈছে আৰু ১৪৫ জনৰ মৃত্যু হৈছে৷