বতাহটো বিয়পিব পাৰে ক’ৰোনা ভাইৰাছ; বিশ্বৰ ২০০ তকৈ অধিক বিজ্ঞানীৰ সতৰ্কবাণী
নিয়মীয়া বাৰ্তা, ৬ জুলাইঃ ক’ৰোনা ভাইৰাছৰ ওপৰত বিভিন্ন পৰীক্ষা নিৰীক্ষা অব্যাহত থকাৰ মাজতে এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে বহু বিজ্ঞানীয়ে। ৩৮ খন দেশৰ ২৯৩ জন বিজ্ঞানীয়ে দাবী কৰিছে যে বতাহটো এই ঘাতক ভাইৰাছ মানুহৰ মাজত বিয়পিব পাৰে। এই সন্দৰ্ভত এইমধ্যে বিজ্ঞানীসকলে বিশ্ব স্বাস্থ্য সংস্থালৈ পত্ৰ প্ৰেৰণ কৰিছে।
বিজ্ঞানীসকলে কয় যে,ক’ৰোনা ভাইৰাছ বতাহত অধিক সময় থাকিব পাৰে আৰু যাৰ বাবে অধিক সংখ্যক লোক ইয়াৰ দ্বাৰা সংক্ৰমিত হৈছে লগতে মানুহ ইখন ঠাইৰ পৰা সিখন ঠাইলৈ যোৱাৰ ফলত এই সংক্ৰমণ বৃদ্ধি পাইছে। ইয়াৰ পৰিপ্ৰেক্ষিততে বিজ্ঞানীসকলে বিশ্ব স্বাস্থ্য সংস্থাক তেওঁলোকৰ অধ্যয়ণ গুৰুত্ব সহকাৰে লৈ পুৰণি নীতি নিৰ্দেশনাৰ সংশোধনৰ বাবেও পত্ৰত আহ্বান জনাইছে।