নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জ’ বাইডেন ৩০৯, ড’নাল্ড ট্রাম্প ২৩২; ১০ দিনৰ মূৰত ভোট গণনা সম্পূর্ণ আমেৰিকাত

নিয়মীয়া বাৰ্তা, ১৫ নবেম্বৰঃ ১০ দিনৰ মূৰত সম্পূর্ণ হ’ল আমেৰিকা যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতি নির্বাচনৰ ভোট গণনা৷ নর্থ কেৰ’লীনা আৰু জর্জিয়াৰ ভোট গণনা শনিবাৰে সমাপ্ত হোৱাৰ লগে লগে দেশখনৰ ভোট গণনাৰ প্রক্রিয়া সামৰণি পৰে৷ দেশৰ সংবাদ মাধ্যমত প্রকাশিত বাতৰি মতে ৰাষ্ট্রপতি নির্বাচনৰ চূড়ান্ত ফলাফল ওলাল৷ এই নির্বাচনত ইতিমধ্যে ডেম’ক্রেট প্রার্থী জ’ বাইডেনে প্রয়োজনীয় সংখ্যাগৰিষ্ঠতা লাভ কৰি ৰাষ্ট্রপতি হিচাপে নির্বাচিত হৈছে৷ শনিবাৰে ঘোষিত ফলাফল অনুসৰি জ’ বাইডেনে লাভ কৰিলে ৩০৯টা ইলেক্ট্রৰেল কলেজ ভোট আৰু ৰাষ্ট্রপতি ট্রাম্পে পাইছে ২৩২ ইলেক্ট্রৰেল কলেজ ভোট৷

তাৎপর্যপূর্ণ যে চাৰি বছৰ পূর্বে ৰাষ্ট্রপতি হিচাপে নির্বাচিত হওঁতে ড’নাল্ড ট্রাম্পে লাভ কৰিছিল ৩০৯টা ভোট আৰু তেওঁৰ প্রতিদ্বন্দ্বী হিলাৰী ক্লিণ্টনে পাইছিল ২৩২টা ভোট৷ চাৰি বছৰৰ মূৰত একেই সংখ্যাতেই জ’ বাইডেন আৰু ড’নাল্ড ট্রাম্পৰ নির্বাচনী ফলাফল ওলাল৷ দেশখনৰ সংবাদ মাধ্যমত ৰাষ্ট্রপতি নির্বাচনৰ ফলাফল ওলালেও এতিয়ালৈকে চৰকাৰীভাৱে আনুষ্ঠানিকভাৱে ঘোষণা কৰা হোৱা নাই৷ ২০১৬ চনত ড’নাল্ড ট্রাম্পে ৩০৯ ইলেক্ট্রৰেল ভোট লাভ কৰি ৪৫.৯ শতাংশ ভোট লাভ কৰাৰ বিপৰীতে ২০২০ চনত ট্রাম্পক হৰুৱাই বাইডেনে ৩০৯ ইলেক্ট্রৰেল ভোট লাভ কৰাৰ বিপৰীতে ৫০.৯ শতাংশ ভোট লাভ কৰিছে৷

আনপিনে, ২০১৬ চনত হিলাৰী ক্লিণ্টনে ২৩২ ইলেক্ট্রৰেল ভোট লাভ কৰাৰ বিপৰীতে ৪৮ শতাংশ ভোট লাভ কৰিছিল৷ কিন্তু ২০২০ চনৰ নির্বাচনত পৰাজিত ট্রাম্পে ২৩২ ইলেক্ট্রৰেল ভোট লাভ কৰাৰ বিপৰীতে ৪৭.৩ শতাংশ ভোট লাভ কৰিছে৷ ইপিনে, জ’ বাইডেনৰ হাতত পৰাজয় স্বীকাৰ নকৰা ৰাষ্ট্রপতি ট্রাম্পে ভোট গণনাত প্রৱঞ্চনা হোৱা বুলি আদালতৰ দ্বাৰস্থ হৈছিল যদিও আজি আদালতে ৰিপাব্লিকান প্রার্থী তথা ৰাষ্ট্রপতি ট্রাম্পৰ এই অভিযোগ খণ্ডন কৰে৷ আদালতে সমস্ত ভোট গণনা প্রক্রিয়া স্বচ্ছতাৰে সম্পন্ন হোৱা বুলি প্রকাশ কৰাৰ পাছতে ৰাষ্ট্রপতি ট্রাম্পৰ সকলো সম্ভাৱনাত আঘাত পৰে৷ লক্ষণীয় যে ড’নাল্ড ট্রাম্পৰ আইনী কোম্পানীটোক অপসাৰণ কৰা হৈছে৷

You might also like