ভেকচিনক লৈ ভুল তথ্য প্রচাৰ কৰি সংকটত নাওমি
নিয়মীয়া বাৰ্তা ৭ জুনঃ ক’ভিড–১৯ প্রতিৰোধী ভেকচিন সন্দর্ভত ছ’চিয়েল মিডিয়া টুইটাৰযোগে ভুল তথ্য বিয়পাই দি সংকটৰ সন্মুখীন হৈছে আমেৰিকাৰ লেখিকা নাওমি ৱ’ল্ফ৷ লেখিকাগৰাকীয়ে ভেকচিনৰ ছফ্টৱেৰ প্লেটফর্ম থকা বুলি দাবী কৰিছে৷ ইয়াৰ উপৰি হোৱাইট হাউছৰ ক’ভিড উপদেষ্টা ডাঃ এণ্টনী ফাওচিক চয়তানৰ সৈতে তুলনা কৰিছিল নাওমিয়ে৷ ইয়াৰ পিছতেই আমেৰিকাত তীব্র প্রতিক্রিয়াৰ সৃষ্টি হয়৷ লগে লগে টুইটাৰে লেখিকাগৰাকীক ছ’চিয়েল মিডিয়া প্লেটফর্মটোৰ পৰা নিলম্বন কৰিছে৷
উল্লেখনীয় যে ‘দ্য বিউটী মীথ’ গ্রন্থৰ জৰিয়তে বিশ্বৰ পাঠক সমাজৰ মাজত জনপ্রিয়তা লাভ কৰিবলৈ সক্ষম হৈছিল নাওমিয়ে৷ টুইটাৰত প্রায় ডেৰ লাখ ফলোৱাৰ আছিল লেখিকাগৰাকীৰ৷ কিন্তু ক’ভিড ভেকচিনক লৈ ভুল তথ্য প্রচাৰ কৰি আমেৰিকাত নিশাৰ ভিতৰতে খলনায়িকাত পৰিণত হৈছে নাওমি৷