১২ মাহৰ ভিতৰত সাজু হ’ব ভেকচিন
নিয়মীয়া বাৰ্তা, ২৮ এপ্রিলঃ বিশ্ববাসীক ত্রাসিত কৰি ৰখা মহামাৰী ক’ৰোনা ভাইৰাছৰ ভেকচিন অহা ১২ মাহৰ ভিতৰত সাজু হৈ উঠিব ৷ বিশ্বৰ দ্বিতীয় ধনাঢ়্য ব্যক্তি, সমাজকর্মী বিল গিটছে ক’ৰোনা ভাইৰাছৰ ভেকচিন প্রস্তুত কৰাৰ বাবে ইতিমধ্যে তেওঁৰ ফাউণ্ডেচনৰ দ্বাৰা প্রক্রিয়া আৰম্ভ কৰিছে ৷ আমেৰিকা যুক্তৰাষ্ট্রৰ পৰা ভাৰতলৈকে বিশ্বৰ বিভিন্ন দেশে ক’ৰোনা ভাইৰাইছৰ ভেকচিন উদ্ভাৱন কৰিবলৈ অহৰহ প্রচেষ্টা চলাই থকাৰ সময়তে বিল গেটছ ফাউণ্ডেচনেও ভেকচিন উদ্ভাৱনৰ প্রক্রিয়া আৰম্ভ কৰিছে ৷ ভয়াৱহ ভাইৰাছটোৰ ভেকচিন উলিওৱাৰ বাবে বিলিয়নাৰ বিল গেটছৰ ফাউণ্ডেচনে ৭টা সবাতোকৈ উজ্জীৱিত ধাৰণাক সাৰথি কৰি ভেকচিন উদ্ভাৱনৰ বাবে আগবাঢ়িছে ৷ ফাউণ্ডেচনে ঠিকে–ঠাকে সংস্থাটোৰ ভেকচিন উদ্ভাৱনৰ প্রক্রিয়া আগবঢ়াই নিব পাৰিলে অহা ১২ মাহৰ ভিতৰত এই ভেকচিন সাজু হৈ উঠাটো প্রায় নিশ্চিত বুলি দাবী কৰিছে ফাউণ্ডেচনে ৷ উল্লেখ্য যে ক’ভিড–১৯ৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰাখিবলৈ ফাউণ্ডেচনে ভেকচিন উদ্ভাৱনৰ ক্ষেত্রত ৪০ বিলিয়ন মার্কিন ডলাৰ ব্যয় কৰিব৷ এই ফাউণ্ডেচনে বিশ্বৰ কেইবাখনো দেশলৈ মহামাৰী ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ ২৫০ নিযুত মার্কিন ডলাৰ বৰঙণি হিচাপে আগবঢ়াইছে ৷ লক্ষণীয় যে মার্কিন যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে বিশ্ব স্বাস্থ্য সংস্থাৰ ভূমিকাক লৈ কঠোৰ সমালোচনা কৰিলেও বিল গেটছে স্বাস্থ্য সংস্থাৰ ভূমিকাক শলাগ লৈছে ৷