🔹 বিশ্ব ভাৰতী বিশ্ববিদ্যালয়ত পৰম্পৰা ভংগ একাংশ ছাত্রৰ
নিউজ ডেস্ক, ৪ ফেব্রুৱাৰী : বিশ্ব ভাৰতী বিশ্ববিদ্যালয়ত পৰম্পৰা ভংগ কৰি একাংশ ছাত্রই বিদ্যাৰ অধিষ্ঠাত্রী দেৱী সৰস্বতী পূজা কৰাক লৈ তীব্র বিতর্কৰ সৃষ্টি হৈছে৷ স্থানীয় বাসিন্দাসকলে ছাত্রসকলৰ এনে কার্যক তীব্র ভাষাৰে গৰিহণা দিছে৷ বিশ্ব ভাৰতী বিশ্ববিদ্যালয়ত কোনো মূর্তিৰ পূজা কৰা নহয়৷ মহর্ষি দেৱেন্দ্র নাথ ঠাকুৰে শান্তি নিকেতন প্রতিষ্ঠা কৰি নিৰাকাৰ ব্রহ্মগুৰুৰ উপাসনা কৰিছিল৷ পৰৱর্তী সময়ত এই শান্তি নিকেতনতে কবিগুৰু ৰবীন্দ্রনাথে বিশ্ব ভাৰতী বিশ্ববিদ্যালয় প্রতিষ্ঠা কৰে৷ দেশৰ আন বিশ্ববিদ্যালয়ৰ তুলনাত পৃথক এই বিশ্ববিদ্যালয়ৰ সংস্কৃতিৰ লগতে আন পঠন–পাঠনো ভিন্ন৷ এই বিশ্ববিদ্যালয়ত মূর্তিপূজা কঠোৰভাৱে নিষিদ্ধ৷ এনে অৱস্থাত শান্তিশ্রী ছাত্রাৱাসত সৰস্বতী পূজা উদযাপনক লৈ তীব্র বিতর্কৰ সৃষ্টি হৈছে৷ আশ্রম প্রতিষ্ঠাতা ঠাকুৰ পৰিয়ালৰ সদস্য সুপ্রিয় ঠাকুৰে প্রকাশ কৰা মতে, বিশ্ব ভাৰতী বিশ্ববিদ্যালয় চৌহদত মূর্তিপূজা আৰু ব্যক্তিপূজাৰ সম্পূর্ণ বিৰোধী৷ ইয়াত আশ্রমৰ প্রতিষ্ঠাতা মহর্ষি দেৱেন্দ্রনাথ আৰু বিশ্ব ভাৰতীৰ প্রতিষ্ঠাতা ৰবীন্দ্রনাথ ঠাকুৰৰো কোনো মূর্তি নাই৷ ইয়াৰ মাজতে ছাত্রই মূর্তিপূজা উদযাপন কৰাটো অত্যন্ত গৰিহণাৰ যোগ্য৷ বিশ্ববিদ্যালয়খনৰ প্রাক্তন ছাত্রসকলেও শান্তিশ্রী ছাত্রাৱাসত সৰস্বতী পূজা উদযাপন কৰি নিন্দনীয় আচৰণ কৰিছে বুলি সমালোচনা কৰিছে৷ তৃণমূল কংগ্রেছৰ ছাত্র সংগঠনৰ নেতাই প্রকাশ কৰা মতে, বিশ্ববিদ্যালয় চৌহদত ৱার্ডেন, নিৰাপত্তাৰক্ষী থকা সত্ত্বেও কিদৰে শান্তিশ্রী ছাত্রাৱাসত সৰস্বতী পূজা উদযাপন কৰা হ’ল, সেয়া তদন্ত কৰিবলগীয়া বিষয়৷ যিয়ে এই কাম কৰিছে তেনে ছাত্র বিশ্ববিদ্যালয়ত অধ্যয়নৰ অযোগ্য৷