১২৮ বছৰ পিছত অলিম্পিকত অন্তর্ভুক্ত ক্রিকেট
বিশেষ বাৰ্তা, ১৭ অক্টোবৰ : সুদীর্ঘ ১২৮ বছৰৰ পিছত অলিম্পিকলৈ ঘূৰি আহিল বিশ্বৰ অন্যতম জনপ্রিয় খেল ক্রিকেট৷ আন্তর্জাতিক অলিম্পিক কমিটীয়ে ২০২৮ চনৰ লছ এঞ্জেলছ অলিম্পিকত ক্রিকেটক টি–২০ ফৰমেটত অন্তর্ভুক্ত কৰাৰ আনুষ্ঠানিকভাৱে ঘোষণা কৰে৷ ২০২৮ চনৰ অলিম্পিকত পুৰুষ আৰু মহিলা দুয়োটা শাখাতে ক্রিকেট খেল অনুষ্ঠিত হ’ব৷ মুম্বাইত চলি থকা অলিম্পিক কমিটীৰ অধিৱেশনত এই সিদ্ধান্ত গ্রহণ কৰা হয়৷ ক্রিকেটৰ লগতে বেছবল, ছফ্ট বল, ফ্লেগ ফুটবল, লেক্রছ আৰু স্কোৱাছো ২০২৮ চনৰ লছ এঞ্জেলছ অলিম্পিক গেমছৰ কার্যসূচীত থাকিব৷ কার্যকৰী পৰিষদে হাত দাঙি ভোট প্রদান কৰাৰ পিছতে আইঅ’চিৰ সভাপতি থমাছ বাকে অন্যান্য ক্রীড়াৰ সৈতে ক্রিকেটৰ অন্তর্ভুক্তিৰ কথা ঘোষণা কৰে৷ উল্লেখ্য যে ১৯০০ চনৰ অলিম্পিকত প্রথমবাৰৰ বাবে ক্রিকেট খেল অনুষ্ঠিত হৈছিল৷ গ্রেট ব্রিটেইন, ফ্রান্স, নেদাৰলেণ্ডছ আৰু বেলজিয়ামে অংশ লৈছিল যদিও নেদাৰলেণ্ডছ আৰু বেলজিয়ামে আঁতৰি যোৱাত গ্রেট ব্রিটেইন আৰু ফ্রান্সে মাত্র এখন খেল খেলিছিল আৰু সেইখনেই আছিল ফাইনেল মেচ৷