নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিগত এক মাহত বাংলাদেশত ধর্ষণৰ চিকাৰ ১২৯ টি কন্যাশিশু

নিয়মীয়া বাৰ্তা, ৬ অক্টোবৰ: বাংলাদেশত যৌন নির্যাতনেৰ গ্রাফ সদায়ে ঊর্ধ্বমুখী। পুনৰবাৰ সেয়া প্ৰমাণিত হৈছে এক সমীক্ষাৰ জড়িয়তে। সমীক্ষাৰ মতে, বিগত ছেপ্টেম্বৰ মাহত দেশখনত ধর্ষণৰ চিকাৰ হৈছে ১২৯ টি কন্যাশিশু।

বাংলাদেশৰ মহিলা পৰিষদৰ দ্বাৰা প্রকাশিত এক প্রতিবেদনৰ মতে, বিগত ছেপ্টেম্বৰ মাহত ১২৯ টি ধর্ষণ কাণ্ডসহ ৩৪০ গৰাকী নাৰী আৰু কন্যাশিশু নির্যাতনৰ চিকাৰ হৈছে। বাংলাদেশ মহিলা পৰিষদৰ লিগেল এইড উপপৰিষদত সংৰক্ষিত ১৩ খন পত্রিকাৰ সংবাদৰ ভিত্তিতে প্রকাশিত এই প্রতিবেদনত কোৱা হৈছে, ২০ গৰাকী নাৰী আৰু কন্যাশিশু গণধর্ষণ-সহ ১২৯ জন ধর্ষণৰ চিকাৰ হৈছে।

ইয়াৰ ভিতৰত ৭৩ শিশু-সহ ১০৯ গৰাকী ধর্ষণৰ চিকাৰ হৈছে। শ্লীলতা হানিৰ চিকাৰ হৈছে চাৰিজন, যাৰ ভিতৰত দুটি শিশুও আছে। চাৰিটা শিশু-সহ যৌন নিপীড়নৰ চিকাৰ হৈছে সাতগৰাকী। এছিড আক্ৰমণৰ চিকাৰ হৈছে ৬ গৰাকী, তাৰ ভিতৰত দুটি শিশু। অগ্নিদগ্ধৰ চিকাৰ হৈছে পাঁচজন, যাৰ ভিতৰত এটি শিশু আৰু দুই মহিলাৰ মৃত্যু হৈছে।

প্রতিবেদনখনত আৰু জনোৱা হৈছে যে, ছেপ্টেম্বৰ মাহত অপহৰণৰ ঘটনা ঘটিছে ২০ টা, যাৰ ভিতৰত ১৬টি শিশু সংক্রান্তীয় ঘটনা।

You might also like