নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দর্শকৰ সংখ্যাই অভিলেখ গঢ়িলে ডিজনী হটষ্টাৰত

বিশেষ বাৰ্তা, ১৫ অক্টোবৰ : কালি ভাৰত–পাকৰ বিশ্বকাপৰ মেচ উপভোগ কৰিলে ক্রিকেট বিশ্বই৷ দর্শকৰ সংখ্যাৰে অভিলেখ গঢ়িলে ডিজনী প্লাছ হটষ্টাৰে৷ কালি ৰোহিত শর্মাই বেটিং কৰি থকা সময়ত দর্শকৰ সংখ্যাই সকলো অভিলেখ ভংগ কৰিলে ডিজনী প্লাছ হটষ্টাৰত৷ একেলগে প্রায় ৩.৫০ কোটি অনুৰাগীয়ে মেচ উপভোগ কৰিলে৷ ইয়াৰ পূর্বে অন্য কোনো ক্রিকেট ইভেণ্টত ইমান দর্শক হোৱা নাছিল৷ এছিয়া কাপত ভাৰত–পাক মেচত দর্শকৰ সংখ্যা আছিল সর্বাধিক ২.৮ কোটি৷ এছিয়া কাপত ভাৰত–শ্রীলংকাৰ ফাইনেলত দর্শকৰ সংখ্যা ২.১ কোটি পর্যন্ত হৈছিল৷ ইয়াৰ পূর্বে আইপিএলত ধোনীৰ বেটিং চাবলৈ ২.২ কোটি দর্শকে একেলগে চকু ৰাখিছিল জিঅ’ চিনেমাত৷ কালি ৰোহিতৰ বেটিঙে সেই অভিলেখ অনায়াসে ভাঙি দিলে৷ ইয়াৰ বাবে স্বাভাৱিকতে সুখী হৈছে হটষ্টাৰ কর্তৃপক্ষ৷ দর্শকসকলক ধন্যবাদ জনাইছে ডিজনী প্লাছ হটষ্টাৰৰ ভাৰতৰ মুৰব্বী ছাজিট শিৱনন্দনে৷ কেৱল দর্শকৰ সংখ্যাই ৰেকর্ড গঢ়াই নহয়, ৰোহিতে কালি আৰু একাধিক অভিলেখ ভংগ কৰিছে৷ তৃতীয় বেটাৰ হিচাপে এদিনীয়াত ৩০০টা ছয় কোবোৱাৰ অভিলেখ প্রতিষ্ঠা কৰে৷ পাকিস্তানৰ মেচখনত বিশ্বকাপত লক্ষ্য অতিক্রম কৰাৰ সময়ত অধিনায়ক হিচাপে ভাৰতীয় দলৰ হৈ সর্বাধিক ৰানৰ অভিলেখো গঢ়ে ভাৰতীয় অধিনায়ক ৰোহিত শর্মাই৷

You might also like