নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নির্বাচনত অনিয়মৰ অভিযোগত গ্রেপ্তাৰ ড’নাল্ড ট্রাম্পক

🔹 ২ লাখ ডলাৰৰ বণ্ডত জামিন
বিশেষ বাৰ্তা, ২৫ আগষ্ট : নির্বাচনৰ ফলাফল ওলোটাই দিয়াৰ ষড়যন্ত্র চলোৱাৰ অভিযোগত গ্রেপ্তাৰ কৰা হৈছে আমেৰিকাৰ প্রাক্তন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পক৷ আজি আটলাণ্টাৰ ফুলটন কাউণ্টিৰ এখন কাৰাগাৰত গৈ আত্মসমর্পণ কৰে ট্রাম্পে৷ ইয়াৰ পিছতে ট্রাম্পক গ্রেপ্তাৰ কৰা হয়৷ অৱশ্যে আৰক্ষীয়ে ট্রাম্পৰ এখন আলোকচিত্র তোলাৰ পিছত দুই লাখ ডলাৰৰ বণ্ডৰ বিনিময়ত জামিনত মুক্তি দিয়ে নেতাগৰাকীক৷ কাৰাগাৰত ২০ মিনিট সময় কটাবলগীয়া হয় ট্রাম্পে৷ উল্লেখনীয় যে ট্রাম্পৰ আৰক্ষীয়ে তোলা আলোকচিত্রক ‘ঐতিহাসিক’ আখ্যা দিছে বিভিন্ন মহলে৷ ক্ষুব্ধ ট্রাম্পৰ এই আলোকচিত্র ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে৷ ২০২০ চনৰ ৰাষ্ট্রপতি নির্বাচনত জর্জিয়া প্রদেশত জ’ বাইডেনৰ সৈতে তীব্র প্রতিদ্বন্দ্বিতা হৈছিল ট্রাম্পৰ৷ প্রদেশখনত ট্রাম্পে বাইডেনতকৈ ১২ হাজাৰ ভোট কম পাইছিল৷ ইয়াৰ পিছতে ট্রাম্পে অভিযোগ আনিছিল যে ভোটগণনাত ব্যাপক অনিয়ম হৈছে৷ ট্রাম্পৰ এই অভিযোগৰ পিছত ওলোটাই ট্রাম্পেহে অনিয়মৰ আশ্রয় লোৱা বুলি অভিযোগ অনা হয়৷

You might also like