নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মালদ্বীপক ভাৰতে প্রদান কৰিলে ড’র্নিয়াৰ বিমান

নিয়মীয়া বাৰ্তা, ৩০ ছেপ্টেম্বৰঃ ভাৰত মহাসাগৰৰ উপকূলত চীনৰ জাহাজ তথা ৰণতৰীৰ গতিবিধি নিৰীক্ষণ কৰিবলৈ মালদ্বীপক ভাৰতে এখন ড’র্নিয়াৰ বিমান আগবঢ়োৱাৰ সিদ্ধান্ত লৈছে৷ ভাৰত মহাসাগৰত গুৰুত্বপূর্ণ অর্থনৈতিক অঞ্চলত মালদ্বীপ আৰু নতুন দিল্লী প্রশাসনে যৌথভাৱে নিৰীক্ষণ ব্যৱস্থা গঢ়ি তোলাৰ সিদ্ধান্ত লৈছে৷

মালদ্বীপ ৰাষ্ট্রীয় প্রতিৰক্ষা বাহিনী (এমএনডিএফ)ৰ নিয়ন্ত্রণত থাকিব এই ড’র্নিয়াৰ বিমানখন৷ ড’র্নিয়াৰ বিমানখন চলোৱাৰ ক্ষেত্রত ভাৰতীয় নৌসেনাই সাতগৰাকী এম এন ডি এফৰ কর্মীক প্রশিক্ষণ দিছে৷ এই কর্মীসকলৰ ভিতৰত আছে পাইলট, অভিযন্তা তথা আকাশমার্গৰ পৰা সামুদ্রিক বাহনৰ গতিবিধি নিৰীক্ষণৰ দায়িত্বত থকা কর্মী৷

You might also like