ক’ৰোনা যুদ্ধত ‘বিজয়’ ঘোষণা ছাংহাইৰ: বেইজিঙত মুকলি শিক্ষানুষ্ঠান
নিয়মীয়া বাৰ্তা, ২৭ জুন: ক’ৰোনা মহামাৰীৰ বিৰুদ্ধে যুদ্ধত কার্যতঃ ‘বিজয়’ ঘোষণা কৰিলে চীনৰ ছাংহাই প্রশাসনে৷ যোৱা দুমাহ ধৰি এই প্রথমবাৰৰ বাবে চীনৰ ছাংহাই মহানগৰত ক’ৰোনা সংক্রমণৰ হাৰ শূন্য হৈছে৷ সেইদৰে সংক্রমণৰ তীব্রতা হ্রাস পাইছে ৰাজধানী বেইজিঙতো৷ বেইজিঙত ইতিমধ্যে শিক্ষানুষ্ঠানসমূহ মুকলি কৰাৰ সিদ্ধান্ত লোৱা হৈছে৷ চলিত বর্ষৰ মার্চ মাহৰ পৰা চীনৰ বিভিন্ন প্রদেশত ক’ৰোনাৰ অভাৱনীয়ভাৱে সংক্রমণ ঘটিছে৷ মহামাৰীৰ সংক্রমণত প্রতিৰোধ লগাবলৈ কঠোৰ লকডাউন জাৰি কৰিছিল চৰকাৰে৷
ছাংহাইৰ পৰিস্থিতি যথেষ্ট উদ্বেগজনক আছিল৷ মহানগৰখনত প্রায় দুমাহ ধৰি কঠোৰ লকডাউন জাৰি কৰিছিল প্রশাসনে৷ যোৱা পহিলা জুনৰ পৰা লকডাউন প্রত্যাহাৰ কৰা হয় ছাংহাইত৷ আনফালে, সংক্রমণ নির্মূল কৰিবলৈ শূন্য ক’ভিড নীতি অনুসৰণ কৰিছিল ঝি জিনপিঙৰ চৰকাৰে৷ ৰাষ্ট্রপতি ঝি জিনপিঙৰ এই কঠোৰ সিদ্ধান্তৰ বাবে ক’ৰোনা নির্মূলত সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে ছাংহাই তথা বিভিন্ন মহানগৰে৷ কালি বেইজিঙৰ শিক্ষা আয়োগৰ পক্ষৰ পৰা ঘোষণা কৰা হয় যে আগন্তুক সোমবাৰৰ পৰা সকলো শিক্ষানুষ্ঠান পুনৰ খোলা হ’ব৷