নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমাজ’নৰ বর্ষা অৰণ্যক ৰক্ষাৰ সংকল্প ৮ ৰাষ্ট্রৰ

🔹 ব্রাজিলৰ উদ্যোগত ‘যৌথ ঘোষণা পত্র’ প্রকাশ

বিশেষ বাৰ্তা, ১১ আগষ্ট : বিধ্বংসী দাবানলৰ পৰা ধাৰাবাহিক অৰণ্য ধ্বংসলৈকে বিগত দুদশক ধৰি আমাজ’নৰ বুকুত চলি আছে ধাৰাবাহিক অভিযান৷ বিশ্বৰ বৃহত্তম চিৰসেউজ বর্ষা অৰণ্য আমাজ’নক পৃথিৱীৰ হূৎপিণ্ড হিচাপে অভিহিত কৰা হয়৷ এই আমাজ’নৰ অৰণ্যক ৰক্ষা কৰিবলৈ লেটিন আমেৰিকাৰ আঠখন দেশৰ প্রতিনিধিয়ে সংকল্প গ্রহণ কৰিছে৷ দুদিন ধৰি চলা শীর্ষ সন্মিলনৰ পাছত এই আঠ ৰাষ্ট্রৰ নেতাসকলে যৌথ ঘোষণা পত্র প্রকাশ কৰিছে ৷ ব্রাজিলৰ বেলেমত এই শীর্ষ সন্মিলন আৰম্ভ হৈছিল মঙলবাৰে ৷ ব্রাজিলৰ উপৰি এই সন্মিলনত অংশগ্রহণ কৰিছিল ভেনিজুৱেলা, বলিভিয়া, কলম্বিয়া, ইকুৱেডৰ, গায়ানা, পেৰু আৰু চুৰিনামে৷ ১৪ বছৰৰ পাছত প্রথমবাৰৰ বাবে আমাজ’নক ৰক্ষা কৰাৰ সংকল্পৰে এই আঠ ৰাষ্ট্রৰ শীর্ষনেতাসকলৰ মাজত অনুষ্ঠিত হৈছিল সন্মিলন৷ শীর্ষ সন্মিলনৰ পৰা ‘বেলেম ঘোষণা’ নামেৰে এক যৌথ বিবৃতি প্রকাশ কৰা হয়৷ এই ঘোষণা পত্রত আমাজ’ন ধ্বংসৰ বিৰুদ্ধে সংগ্রামৰ এক জোঁট গঠনৰ কথা উল্লেখ কৰা হৈছে৷ সংবাদ সংস্থা ৰয়টার্ছৰ প্রতিবেদন অনুসৰি, আমাজ’ন শীর্ষ সন্মিলনত অংশ লোৱা দেশসমূহে যৌথ পৰিৱেশ নীতি প্রণয়নৰ ক্ষেত্রত সহমত পোষণ কৰিছে৷

You might also like