নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাংলাদেশৰ সুগন্ধ নদীত ফেৰীত অগ্নিকাণ্ডঃ ৪০জনৰ প্রাণহানি

নিয়মীয়া বাৰ্তা, ২৫ ডিচেম্বৰঃ বাংলাদেশৰ সুগন্ধ নদীত তিনি মহলীয়া ফেৰীত সংঘটিত ভয়াৱহ অগ্ণিকাণ্ডত অতি কমেও ৪০জন যাত্রীৰ কৰুণ মৃত্যু ঘটে৷ বিধ্বংসী অগ্নিকাণ্ডত ১৮০জন যাত্রী আহত হৈছে৷ বাংলাদেশৰ আৰক্ষীয়ে প্রকাশ কৰা মতে, ৰাজধানী ঢাকাৰ পৰা বাৰগুণাগামী তিনি মহলীয়া এম ভি অভিযান–১০ ফেৰীখনত আজি পুৱতিনিশা প্রায় ৩ বজাত ইঞ্জিনকক্ষত জুইৰ সূত্রপাত ঘটি তৎমুহূর্ততে ফেৰীখনলৈ বিয়পি পৰে৷ ৰাজধানী ঢ়াকাৰ পৰা ২৫০ কিলোমিটাৰ নিলগৰ জালকাঠি জিলাৰ সুগন্ধ নদীত এম ভি অভিযান–১০ ফেৰীখনত ভয়ানক অগ্ণিকাণ্ড সংঘটিত হোৱাত ফেৰীখনত থকা যাত্রীসকলৰ মাজত হাহাকাৰ লাগে৷ একাংশ যাত্রী জুইত দগ্ধ হোৱাৰ বিপৰীতে একাংশই প্রাণৰ মমতাত পানীত জঁপিয়াবলৈ ধৰে৷ অগ্নিদগ্ধ আৰু পানীত জঁপিওৱাৰ ফলত অতি কমেও ৪০জনৰ প্রাণহানি হোৱা বুলি আৰক্ষীয়ে প্রকাশ কৰিছে৷ আহত ১৮০জনৰ ভিতৰত পৃথকে পৃথকে বিভিন্ন চিকিৎসালয়ত চিকিৎসা চলাই থকা হৈছে৷

প্রশাসনে প্রকাশ কৰা মতে, ফেৰীখনত ৩১০জন যাত্রীৰ নাম উল্লেখ আছে যদিও ফেৰীখনত নাম নোহোৱাকৈ ভ্রমণ কৰা অনেক যাত্রী থকাৰ সম্ভাৱনা আছে৷ এক সূত্রই প্রকাশ কৰা মতে, প্রায় ৮০০জন যাত্রী ফেৰীখনত আছিল আৰু জুই লগাৰ সময়ত এই যাত্রীসকল আঘাতপ্রাপ্ত হৈছে৷ আৰক্ষী আৰু অগ্নিনির্বাপক বাহিনীয়ে প্রকাশ কৰা মতে, নিহত আৰু আহতৰ সংখ্যা বৃদ্ধি পোৱাৰ পূর্ণ সম্ভাৱনা আছে৷ অগ্নিকাণ্ড সংঘটিত ফেৰীখনৰ ভি আই পি কেবিনত ভ্রমণ কৰা সপত্নীক বাৰগুণা পাঠাৰঘাটা উপ–জিলাৰ প্রশাসনিক মুৰব্বী মহম্মদ হোছেইন মহম্মদ আল মোজাহিদে ঘটনা সন্দর্ভত প্রকাশ কৰা মতে, হঠাতে ফেৰীখনত ধোঁৱা দেখিবলৈ পায় আৰু তেওঁৰ উশাস–নিশাহত কষ্ট অনুভৱ কৰে৷ ফেৰীখনৰ যাত্রীসকলে দৌৰাদৌৰিকৈ প্রস্থান দুৱাৰলৈ যায়৷

একাংশই নৈৰ পানীত জাঁপ দিয়ে৷ ঘটনাটো সংঘটিত হোৱাৰ প্রায় ৫০ মিনিট পাছত স্থানীয় আৰক্ষী আৰু অগ্ণিনির্বাপক বাহিনীয়ে তথ্য লাভ কৰি ঘটনাস্থলীত উপস্থিত হয়৷ ১৫খন অগ্নিনির্বাপক বাহিনীৰ গাড়ীয়ে ফেৰীখনৰ জুই ডেৰ ঘণ্টা ধৰি চেষ্টা চলাই নির্বাপণ কৰিবলৈ সমর্থ হয়৷ আৰক্ষী আৰু অগ্নিনির্বাপক বাহিনীৰ জোৱানে ফেৰীখনৰ পৰা উদ্ধাৰ কৰা আহতসকলৰ ভিতৰত ৭০জনক বৰিশাল জিলাৰ শ্বেৰ–ই–বাংলা মেডিকেল কলেজ হাস্পতালত চিকিৎসা চলাই থকাৰ বিপৰীতে আন ৫০জনক ওচৰৰে হাস্পতালত ভর্তি কৰোৱা হৈছে৷

You might also like