নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিভিন্ন চৰকাৰী কাৰ্যসূচী লৈ বিদেশলৈ মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা

🔹 চাৰি ৰাষ্ট্ৰ ভ্ৰমণ কৰিব বৈদেশিক পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে

বিশেষ বাৰ্তা, ২৮ ছেপ্টেম্বৰ : চৰকাৰী ভ্ৰমণসূচীৰে মেক্সিকো, গ্ৰেনাডা, বাৰ্বাডোছ, এণ্টিগুৱা আৰু বাৰ্বুডালৈ বিদেশ মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা। অহা ৩০ ছেপ্টেম্বৰৰ পৰা ৮ অক্টোবৰলৈ চৰকাৰী কাৰ্যসূচী লৈ চাৰিখন ৰাষ্ট্ৰ ভ্ৰমণ কৰিব কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই। এই ভ্ৰমণকালত মন্ত্ৰীগৰাকীয়ে অহা ১ অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া মেক্সিকোৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি ড০ ক্লাউডিয়া শ্বেনবাউমৰ শপতগ্ৰহণ অনুষ্ঠানত ভাৰতবৰ্ষক প্ৰতিনিধিত্ব কৰি উপস্থিত থাকিব । তদুপৰি এই ভ্ৰমণকালত মন্ত্ৰীগৰাকীয়ে গ্ৰেনাডা, বাৰ্বাডোছ, এণ্টিগুৱা আৰু বাৰ্বুডাত কেইবাখনো দ্বিপাক্ষিক আলোচনাত অংশগ্ৰহণ কৰিব । উল্লেখযোগ্য যে ভাৰতবৰ্ষৰ দ্বিতীয়গৰাকী বিদেশ মন্ত্ৰী হিচাপে পবিত্ৰ মাৰ্ঘেৰিটাই গ্ৰেনাডা ভ্ৰমণ কৰিব। এই ভ্ৰমণসূচীত মন্ত্ৰীগৰাকীয়ে আমেৰিকাৰ চিকাগো চহৰতো এনিশা কটাব।

You might also like