নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফ্রান্সৰ প্রাক্তন ৰাষ্ট্রপতি ভেলাৰি গিছকার্ডৰ বিয়োগ

নিয়মীয়া বাৰ্তা, ৪ ডিচেম্বৰঃ  ফ্রান্সৰ প্রাক্তন ৰাষ্ট্রপতি ভেলাৰি গিছকার্ড ডি’এষ্টেইঙৰ ক’ৰোনাত মৃত্যু হৈছে৷ ১৯৭৪ৰ পৰা ১৯৮১ চনলৈ দেশখনৰ ৰাষ্ট্রপতিৰ দায়িত্ব পালন কৰিছিল ভেলাৰিয়ে৷ মধ্য ফ্রান্সৰ বাসগৃহত ৯৪ বছৰীয়া ভেলাৰিৰ মৃত্যু হোৱা বুলি পৰিয়ালৰ সূত্রই সদৰী কৰিছে৷ এক মধ্য সোঁপন্থী তথা এক ইউৰোপৰ কট্টৰ সমর্থক ভেলাৰিয়ে ফ্রান্সত বহু আইন প্রণয়ন কৰাৰ ক্ষেত্রত উদাৰ দৃষ্টিভংগীৰ পৰিচয় দিছিল৷ বিবাহ বিচ্ছেদ, গর্ভপাত আৰু জন্ম নিবাৰণৰ ক্ষেত্রত আইন সংস্কাৰ কৰিছিল ভেলাৰিয়ে৷

সাত বছৰীয়া ক্ষমতাত ভেলাৰিয়ে ফ্রান্সক ইউৰোপৰ ভিতৰতে শক্তিশালী ৰাষ্ট্র হিচাপে গঢ়ি তোলাৰ বিভিন্ন পদক্ষেপ গ্রহণ কৰিছিল৷ ৰাষ্ট্রপতি ইমানুৱেল মেক্র’নে ভেলাৰিৰ মৃত্যুত গভীৰ শোক প্রকাশ কৰি কৈছে যে ফ্রান্সক নেতাগৰাকীয়ে যি দিশেৰে আগবঢ়াই নিবলৈ প্রচেষ্টা গ্রহণ কৰিছিল, সেয়া আজিও অব্যাহত আছে৷ প্রকৃত দেশপ্রেমী ভেলাৰিয়ে সদায় স্বাধীনতাৰ হকে কাম কৰিছিল বুলিও উল্লেখ কৰে মেক্র’নে৷

You might also like