নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০০ কুকুৰ–মেকুৰী লৈ আফগানিস্তান এৰাৰ অনুমতি প্রাক্তন ব্রিটিছ সেনা জোৱানক

নিয়মীয়া বাৰ্তা ২৯ আগষ্টঃ  অৱশেষত দুদিন ধৰি কাবুল বিমানবন্দৰত আবদ্ধ হৈ থকা প্রাক্তন ব্রিটিছ সেনা জোৱান এজনে ২০০ পোহনীয়া কুকুৰ–মেকুৰী লৈ আফগানিস্তান এৰাৰ অনুমতি লাভ কৰিলে৷ তালিবানে আফগানিস্তান দখল কৰাৰ পাছত কাবুলত নৌজাদ নামৰ এনজি’ৰ ‘জন্তু আশ্রয় গৃহ’ পৰিচালনা কৰি থকা পেন ফাৰথিং নামৰ প্রাক্তন ব্রিটিছ সেনা জোৱানে নিজ দেশলৈ ওভতাৰ বাবে এনজি’ৰ কর্মচাৰী আৰু পোহনীয়া কুকুৰ–মেকুৰী লৈ কাবুলৰ হামিদ কাৰজাই আন্তর্জাতিক বিমানবন্দৰত উপস্থিত হয়৷

কিন্তু আমেৰিকা যুক্তৰাষ্ট্রই নিয়ন্ত্রণ কৰি ৰখা বিমানবন্দৰৰ পৰা পেন ফাৰথিঙক জন্তুসহ স্বদেশলৈ ওভতাৰ ক্ষেত্রত বিলম্ব কৰে৷ এনে সময়তে আই এছ সন্ত্রাসবাদীয়ে কাবুল বিমানবন্দৰৰ বাহিৰত আত্মঘাতী আক্রমণ চলায়৷ ইয়াৰ পাছতে আমেৰিকা যুক্তৰাষ্ট্রই বিমানবন্দৰৰ পৰা বিদেশলৈ যোৱাৰ ক্ষেত্রত নতুন নিয়ম বলৱৎ কৰে৷ এনে নিয়মৰ বাবেই পেন ফাৰথিং বিমানবন্দৰত পোহনীয়া জন্তুসহ আবদ্ধ হৈ থাকিবলগীয়া হয়৷

ইয়াৰ পাছতে প্রাক্তন সেনা জোৱানজনে ব্রিটেইনৰ প্রতিৰক্ষা মন্ত্রালয়ৰ সৈতে সম্পর্ক কৰে৷ ফাৰথিঙৰ অনুৰোধত পোহনীয়া জন্তুৰে স্বদেশলৈ ওভতাৰ বাবে প্রতিৰক্ষা সচিবে অনুমতি প্রদান কৰাৰ পাছত গ্রেট ব্রিটেইন চৰকাৰৰ পৃষ্ঠপোষকতাত চার্টার্ড বিমানেৰে ২০০ কুকুৰ–মেকুৰী লৈ ফাৰথিং স্বদেশলৈ ওভতাৰ অনুমতি লাভ কৰে৷ এই অনুমতিৰ পাছতে ফাৰথিঙে টুইটাৰযোগে নৰকৰ পৰা ওভতাৰ স্বস্তিৰ নিশ্বাস পেলায়৷

You might also like