নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উত্তৰাখণ্ডত তীৰ্থযাত্ৰী কঢ়িওৱা বাছত প্ৰকাণ্ড শিল, ৪জনৰ প্ৰাণহানি

বিশেষ বাৰ্তা, ১১ জুলাই : উত্তৰাখণ্ডত তীৰ্থযাত্ৰী কঢ়িওৱা বাছত পাহাৰৰ পৰা শিল বাগৰি পৰাত চাৰিজন লোকৰ প্ৰাণহানি হয়। আহত হয় বহু ভক্ত। সোমবাৰে নিশা উত্তৰাখণ্ডত সংঘটিত হয় এই ঘটনা। আৰক্ষীৰ সূত্ৰ অনুসৰি, সোমবাৰে নিশা গংগোত্ৰীৰ পৰা উত্তৰকাশীলৈ উভতি আহিছিল তীৰ্থযাত্ৰী কঢ়িয়াই অনা এখন বাছ। ছু নগৰৰ সমীপৰ পাহাৰৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথত এটা ডাঙৰ শিলৰ বাগৰি পৰে। সেই শিলৰ এটা বিশাল অংশ তীৰ্থযাত্ৰীভৰ্তি বাছখনত পৰে। ফলত থিতাতে মৃত্যু হয় ৪ ভক্তৰ। গুৰুতৰভাৱে আহত কেইবাজনো লোক। দুৰ্ঘটনাটোৰ পিছতে স্থানীয় ৰাইজে তীৰ্থযাত্ৰীক উদ্ধাৰৰ চেষ্টা চলায়। স্থানীয় এজন বাসিন্দাই জনোৱা মতে, পাহাৰৰ পৰা অবিৰতভাৱে শিল পৰি থকা বাবে উদ্ধাৰ কামত বাধাৰ সৃষ্টি হৈছে। গভীৰ নিশালৈকে উদ্ধাৰ অভিযান চলায়। দুৰ্যোগ ব্যৱস্থাপনা দলৰ সদস্য ৰাজেশ কুমাৰে কয় যে পাহাৰৰ পৰা হোৱা ভূমিস্খলনত তিনিখন বাহন পোত যায়।

You might also like