ফ্রান্সত ডিচেম্বৰ মাহতে সংক্রমণ ঘটিছিল মাৰাত্মক ক’ৰোনাৰ
নিয়মীয়া বাৰ্তা, ৫ মে’ : ইউৰোপৰ বিভিন্ন দেশত যোৱা বছৰ ডিচেম্বৰ মাহতে ক’ৰোনা ভাইৰাছৰ সংক্রমণ আৰম্ভ হৈছিল৷ শেহতীয়াকৈ ফ্রান্সেও এই কথা স্বীকাৰ কৰিছে৷ ইউৰোপীয় দেশখনে পূর্বতে চলিত মাহৰ জানুৱাৰীত ক’ৰোনা ভাইৰাছৰ সংক্রমণ ঘটা বুলি ঘোষণা কৰিছিল৷
কিন্তু শেহতীয়াকৈ এগৰাকী চিকিৎসকে উল্লেখ কৰিছে যে পেৰিছৰ সমীপত ২৭ ডিচেম্বৰত এগৰাকী ৰোগীক নিউমোনিয়াৰ চিকিৎসা কৰা হৈছিল৷ কিন্তু প্রকৃততে এই ৰোগীজন আক্রান্ত হৈছিল ক’ভিড–১৯ বা ক’ৰোনা ভাইৰাছত৷ ডাঃ ভেছ ক’হেনে ফৰাচী মিডিয়াৰ আগত এই কথা প্রকাশ কৰাৰ লগে লগে দেশখনৰ সংবাদ মাধ্যমত সৃষ্টি হৈছে চাঞ্চল্য৷ উল্লেখনীয় যে ২৭ ডিচেম্বৰতে ক’হেনে যিগৰাকী ৰোগীক চিকিৎসা কৰিছিল, বর্তমান তেওঁ সুস্থ হৈ উঠিছে৷ কিন্তু ৫০ বছৰীয়া এই ফৰাচী লোকজন কেনেদৰে ক’ভিড–১৯ৰ দ্বাৰা সংক্রমিত হৈছিল, তাৰ কোনো তথ্য লাভ কৰিবলৈ সক্ষম হোৱা নাই চিকিৎসকগৰাকীয়ে৷
স্মর্তব্য যে চলিত বর্ষৰ ২৪ জানুৱাৰীত ফ্রান্সে আনুষ্ঠানিকভাৱে ক’ৰোনা ভাইৰাছৰ দ্বাৰা তিনিগৰাকী লোক আক্রান্ত হোৱা বুলি ঘোষণা কৰিছিল৷ গতিকে চিকিৎসক ক’হেনৰ শেহতীয়া তথ্যই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে দেশখনত৷