ইজৰাইলী সেনাক বিনামূলীয়া খাদ্য যোগান
🔹 মেকড’নাল্ডছৰ বিৰুদ্ধে ক্ষোভৰ উদ্গীৰণ
বিশেষ বাৰ্তা, ১৬ অক্টোবৰ : ইজৰাইল–হামাছৰ সংঘর্ষত এইবাৰ জড়িত হৈ পৰিল মেকড’নাল্ডছ৷ ইজৰাইলী সেনাক বিনামূলীয়াকৈ খাদ্য দিয়াৰ অভিযোগত দেশে দেশে ক্ষোভৰ সন্মুখীন হৈছে এই মার্কিন বহুজাতিক সংস্থাটোৰ বিৰুদ্ধে ৷ অৱশ্যে ওমান, লেবানন আদি দেশত থকা মেক্ড’নাল্ডছৰ তৰফৰ পৰা স্পষ্ট কৰা হৈছে যে ইজৰাইলী সেনাক বিনামূলীয়াকৈ খাদ্য যোগান ধৰাৰ সিদ্ধান্ত নিজস্বভাৱে গ্রহণ কৰিছে ইজৰাইলত থকা মেক্ড’নাল্ডছৰ কর্মকর্তাসকলে৷ ইয়াৰ সৈতে ইজৰাইলৰ বাহিৰৰ মেক্ড’নাল্ডছৰ কোনো সম্পর্ক নাই বুলি স্পষ্ট কৰি দিয়া হৈছে৷ ইজৰাইল–হামাছৰ যুদ্ধত এতিয়ালৈকে প্রায় ৪ হাজাৰ লোকে প্রাণ হেৰুৱাইছে৷ পেলেষ্টাইনপন্থী লোকসকলে মেক্ড’নাল্ডছৰ কার্যক লৈ ছ’চিয়েল মিডিয়াত ক্ষোভ উজাৰিছে৷