নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কিয় সলনি কৰা হব Gmailৰ ল’গ’

নিয়মীয়া বাৰ্তা, ১ ফেব্ৰুৱাৰী : গুগল কৰ্তৃপক্ষই অলপতে এক বৃহ ঘোষণা কৰিছে। কম দিনৰ ভিতৰতে দেখিবলৈ পোৱা যাব Gmailৰ নতুন ল’গ’। বিশেষ সুবিধাযুক্ত নতুন Gmailৰ ল’গ’ই কেইবাটাও প্ৰযুক্তিক একগল কৰাৰ প্ৰচেষ্টা চলোৱা বুলি জানিব পৰা গৈছে।

গুগলে ৱৰ্ক স্পেচ বৃদ্ধিৰ হেতু Gmailৰ ল’গ’ ৰিডিজাইন কৰা বুলি জানিবলৈ দিছে গুগল কৰ্তৃপক্ষই। Gmail ব্যৱহাৰকাৰীসকলে নতুন ডিজাইনৰ Gmailৰ ল’গ’ত মেইল, গুগল চাট, গুগল মীট, স্পেচ এক যুটীয়া এপযোগে একেলগে লাভ কৰিব।

গুগল কৰ্তৃপক্ষৰ মত অনুসৰি চলিত বছৰৰ জুলাই মাহৰ আগে আগে নতুন Gmail গ্ৰাহকৰ বাবে উপলব্ধ কৰিব। আনহাতে চলিত মাহৰ ৮ ফেব্ৰুৱাৰীৰ পৰা নতুন Gmailৰ পৰীক্ষণ আৰম্ভ কৰিব গুগলে।

You might also like