গুজৰাটৰ উপকূলত সফল অভিযান; ৯ দুর্বৃত্তক গ্রেপ্তাৰ
নিয়মীয়া বাৰ্তা, ২৬ এপ্ৰিলঃ পুনৰ ভাৰতীয় জলসীমাৰ অভ্যন্তৰলৈ পাকিস্তানী নাৱেৰে অপৰাধীয়ে কঢ়িয়াই আনিলে বৃহৎ পৰিমাণৰ ড্রাগছ৷ ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে এই নাওখন জব্দ কৰি উদ্ধাৰ কৰিছে ৫৬ কিলোগ্রাম হেৰ’ইন৷ আন্তর্জাতিক বজাৰত এই ড্রাগছৰ মূল্য ২৮০ কোটি টকা হ’ব বুলি উপকূলৰক্ষীৰ তৰফৰ পৰা সদৰী কৰা হৈছে৷
গুজৰাটৰ উপকূলৰ সমীপত আলহাজ নামৰ পাকিস্তানী নাওখনত অহা ৯জন লোকক গ্রেপ্তাৰো কৰিছে উপকূলৰক্ষীয়ে৷ কালি পুৱতি নিশা ২ বজাত উপকূলৰক্ষীয়ে এই নাওখন জব্দ কৰে৷ উপকূলৰক্ষী বাহিনীৰ এগৰাকী বিষয়ববীয়াই সংবাদ মাধ্যমক জানিবলৈ দিয়া অনুসৰি আৰব সাগৰৰ জলৰাশিত সন্দেহজনক অৱস্থাত বিচৰণ কৰি আছিল এই পাকিস্তানী নাওখনে৷ উপকূলৰক্ষীৰ উত্তৰ–পশ্চিম মণ্ডলৰ কার্যালয়লৈ গ্রেপ্তাৰ হোৱা লোককেইজনক লৈ যোৱা হৈছে৷ তাত ইতিমধ্যে বিভিন্ন নিৰাপত্তা সংস্থাই ধৃত লোককেইজনক জেৰা কৰি থকা বুলি সংবাদ মাধ্যমে সদৰী কৰিছে৷
ইফালে, উপকূলৰক্ষীৰ জাহাজ দেখাৰ লগে লগে নাওখনৰ পৰা বহু ড্রাগছৰ পেকেট সাগৰত দুর্বৃত্তৰ দলটোৱে পেলাই দিয়া বুলিও অভিযোগ কৰে বাহিনীৰ কেইবাজনো বিষয়াই৷ ইয়াৰ পূর্বেও ভাৰতীয় জলৰাশিত পাকিস্তানৰ পৰা বৃহৎ পৰিমাণৰ ড্রাগছ কঢ়িয়াই অনা নাও জব্দ হৈছিল উপকূলৰক্ষী বাহিনীৰ হাতত৷