হতাশ শিখ তীৰ্থযাত্ৰী : পাকিস্তানে বাতিল কৰিলে ননকনা শ্বাহিব ভ্ৰমণৰ ৫৮৬ ভিছা
বিশেষ বাৰ্তা, ৬ নৱেম্বৰঃ পাকিস্তানৰ ননকনা শ্বাহিবত ৬ নৱেম্বৰৰ পৰা ১৫ নৱেম্বৰলৈ পালন কৰা হ’ব গুৰু নানক জয়ন্তী। সেইবাবেই ভাৰতৰ পঞ্জাবৰ বহু শিখ তীৰ্থযাত্ৰীয়ে গুৰু নানক জয়ন্তী উপলক্ষে পাকিস্তানৰ ননকনা শ্বাহিবত অংশগ্ৰহণ কৰিব বিচাৰিছিল। কিন্তু সকলোৱে হতাশাৰ সন্মুখীন হ’বলগীয়া হ’ল। দৰাচলতে পাকিস্তান কৰ্তৃপক্ষই ননকনা শ্বাহিব ভ্ৰমণ কৰিব বিচৰা শিখ তীৰ্থযাত্ৰীৰ ১৪৯৬ ভিছাৰ ভিতৰত ৫৮৬ ভিছা বাতিল কৰিছে। শিৰোমণি গুৰদ্বাৰা প্ৰবন্ধক কমিটীয়ে ননকনা শ্বাহিব গুৰদ্বাৰা ভ্ৰমণৰ বাবে ১৪৯৬ ভিছা আবেদন কৰিছিল, ইয়াৰে মাত্ৰ ৯১০হে অনুমতি দিয়া হৈছে। ৯১০গৰাকী তীৰ্থযাত্ৰীৰ ভিছা বৈধতা মাত্ৰ ১০ দিনৰ বাবেহে। কমিটীৰ মুখপাত্ৰ হৰভজন সিঙে কয় যে প্ৰশাসনে ধৰ্মীয় ভিছা বাতিল কৰিব নালাগে। ইয়াৰ বাবে শিখ তীৰ্থযাত্ৰীসকল অত্যন্ত হতাশ। তেওঁ কয় যে ভাৰত আৰু পাকিস্তান দুয়োখন দেশতে অন-এৰাইভেল ভিছাৰ সুবিধা প্ৰদান কৰিব লাগে আৰু আত্তৰী-ৱাগাহ সীমান্তত ভিছা কাৰ্যালয় খোলা থাকিব লাগে। হৰভজন সিঙে লগতে কয় যে পূর্বে পাকিস্তানৰ ননকনা শ্বাহিবলৈ যোৱা বাছখনো ৰখাই দিয়া হৈছে৷ আনকি সম্ঝৌতা এক্সপ্ৰেছ ৰে’লখনো বন্ধ কৰি দিয়া হৈছে। এনেকুৱা হ’ব নালাগে। দিল্লীৰ পৰা লাহোৰলৈ বাছ চলোৱাৰ দৰে বাছখন আকৌ ষ্টাৰ্ট কৰিব লাগে। শিৰোমণি গুৰুদ্বাৰা প্ৰবন্ধক সমিতিৰ মুখপাত্ৰ হৰভজন সিঙেও জনাইছে যে শিখ তীৰ্থযাত্ৰীসকলে ৮ নৱেম্বৰত পাকিস্তানৰ ননকনা শ্বাহিবত গুৰু নানকৰ জন্ম বাৰ্ষিকী পালন কৰিব। ইয়াৰ উপৰি সকলো ভাৰতীয় শিখ তীৰ্থযাত্ৰীয়ে ডেৰা চাহাব, পাঞ্জা চাহাব, ননকনা শ্বাহিব আৰু কৰতাৰপুৰ শ্বাহিব ভ্ৰমণ কৰিব।