ভয়াৱহ তুষাৰ ধুমুহাৰ কবলত পৰিব আমেৰিকাৰ ১৪ প্রদেশ
নিয়মীয়া বাৰ্তা, ১৭ ডিচেম্বৰঃ আমেৰিকাৰ উত্তৰ–পূব প্রান্তৰ ১৪খন প্রদেশ ভয়াৱহ তুষাৰ ধুমুহাৰ কবলত পৰিব৷ দেশখনৰ নেচনেল ৱেদাৰ ছার্ভিচে (এনডব্লিউএছ) এই সতর্কবাণী কৰিছে৷ ১৪খন প্রদেশৰ ৬০ নিযুতকৈ অধিক লোক এই তুষাৰ ধুমুহাত সংকটৰ সন্মুখীন হ’ব বুলিও ঘোষণা কৰিছে সংস্থাটোৱে৷ পেনছিলভেনিয়া আৰু নিউয়র্কৰ বিভিন্ন অঞ্চলত দুই ফুট পর্যন্ত ডাঠ বৰফীয় আৱৰণ সৃষ্টি হ’ব পাৰে বুলি সতর্কবাণী কৰি ইতিমধ্যে জনসাধাৰণক ঘৰৰ ভিতৰতে থাকিবলৈ আহ্বান জনাইছে এনডব্লিউএছে৷ তুষাৰ ধুমুহাত আটাইতকৈ বেছি ক্ষতিৰ সন্মুখীন হোৱা অঞ্চলসমূহত কেইবাদিনলৈকে বন্ধ হৈ থাকিব পাৰে যাতায়াত ব্যৱস্থা৷ ইয়াৰ উপৰি বিজুলী সেৱা ব্যাহত হৈ পৰিব বিভিন্ন অঞ্চলত৷
লক্ষণীয়ভাৱে ইতিমধ্যে মধ্য পেঞ্চিলভেনিয়াত তুষাৰ ধুমুহাত কেইবাখনো গাড়ী দুর্ঘটনাত পতিত হোৱাৰ উপৰি দুজন লোকৰ মৃত্যু হৈছে৷ দেশখনত ক’ভিড–১৯ৰ গণ টিকাকৰণ অভিযান আৰম্ভ হৈছে যোৱা সোমবাৰে৷ বিভিন্ন প্রদেশত এই টিকাকৰণ অভিযান তুষাৰ ধুমুহাৰ বাবেই ব্যাহত হ’ব বুলি আশংকা কৰিছে প্রশাসনে৷ ইফালে দেশখনৰ কেইবাটাও সংবাদ সংস্থাই সদৰী কৰা অনুসৰি বহুকেইখন প্রদেশত ক’ৰোনা ভাইৰাছ পৰীক্ষা কেন্দ্রবোৰ অস্থায়ীভাৱে বন্ধ কৰি দিয়া হৈছে৷ মধ্য পেঞ্চিলভেনিয়াত কালি নিশা বিভিন্ন স্থানত ৩৩ চেণ্টিমিটাৰ পর্যন্ত ডাঠ বৰফীয় আৱৰণৰ সৃষ্টি হৈছে৷ আগন্তুক তিনি দিনলৈ পৰিস্থিতি অধিক ভয়াৱহ হোৱাৰ সম্ভাৱনা আছে৷ অকল পেনছিলভেনিয়াতেই তুষাৰ ধুমুহাত ৬০খন বাহন ক্ষতিগ্রস্ত হোৱাৰ উপৰি ৬গৰাকী লোক গুৰুতৰভাৱে আহত হৈছে৷ নিউয়র্ক চহৰতো ২৭খন বাহন দুর্ঘটনাত পতিত হৈছে তুষাৰ ধুমুহাৰ বাবে৷ ইফালে ফ্লাইটৱেৰ নামৰ ৱেবছাইটটোৱে সদৰী কৰা অনুসৰি ডেৰ সহস্রাধিক বিমানৰ সেৱা বাতিল কৰা হৈছে৷ বিভিন্ন স্থানত ৰে’ল সেৱাও বাতিল কৰিছে প্রশাসনে৷