নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জনপ্রিয় অষ্ট্রেলিয়ান গায়িকা হেলেন ৰেড্ডীৰ বিয়োগ

নিয়মীয়া বাৰ্তা ১ অক্টোবৰঃ  নাৰীবাদীসকলৰ বাবে জনপ্রিয় গীত ‘আই এম ৱমেন’ গাই বিশ্বজুৰি খ্যাতি লাভ কৰিবলৈ সক্ষম হোৱা অষ্ট্রেলিয়ান গায়িকা হেলেন ৰেড্ডীৰ দেহাৱসান ঘটিছে৷ কালি লছ এঞ্জেলছত শেষ নিশ্বাস ত্যাগ কৰে ৭৮ বছৰীয়া জনপ্রিয় গায়িকাগৰাকীয়ে৷ পৰিয়ালে ফেচবুকযোগে এক বিবৃতিত সদৰী কৰিছে এই তথ্য৷ ৰেড্ডীৰ দুই সন্তান ট্রেচি ডোনাট আৰু জর্দান ছ’মার্ছে উল্লেখ কৰিছে যে এগৰাকী বিস্ময়কৰ মাতৃ তথা আইতা আছিল হেলেন৷ ইয়াৰ উপৰি মাতৃ হেলেন ৰেড্ডীক দুই সন্তানে আখ্যা দিছে এগৰাকী দুর্জেয় মহিলা বুলি৷ মাতৃক হেৰুৱাই দুয়ো মর্মাহত বুলিও বিবৃতিটোত উল্লেখ কৰিছে৷

অৱশ্যে গায়িকা হেলেন ৰেড্ডীৰ কণ্ঠ অমৰ হৈ থাকিব বুলি দুই সন্তানে ঘোষণা কৰিছে ফেচবুকৰ জৰিয়তে মুকলি কৰা বিবৃতিটোত৷ স্মর্তব্য যে ২০১৫ চনৰ পৰা ডিমেনছিয়াত আক্রান্ত হৈ আছিল হেলেন ৰেড্ডী৷ গায়িকাগৰাকীয়ে ৭০ৰ দশকত সাফল্যৰ শিখৰত আৰোহণ কৰিবলৈ সক্ষম হৈছিল৷

You might also like