গছক আলিংগন বাঘৰঃ লাভ কৰিলে এই বৰ্ষৰ শ্ৰেষ্ঠ Wildlife Photography Award!
নিয়মীয়া বাৰ্তা ১৬ অক্টোবৰঃ এই বছৰৰ শ্ৰেষ্ঠ ৱাইল্ডলাইফ ফটোগ্রাফাৰৰ পুৰস্কাৰ পোৱা ছবিখন সকলোকে একপ্ৰকাৰ স্তম্ভিত কৰি দিয়া এখন ছবি! কিয়নো ফটোগ্ৰাফাৰ ছের্গেই গোৰ্ছকভে পূব ৰাছিয়াৰ জংঘলত এটি চাইবেৰিয়ান বাঘক এক বিশেষ মুহূৰ্তত কেমেৰাৰ লেন্সত আবদ্ধ কৰিছে। এই ছবিখনেই শ্ৰেষ্ঠ ৰূপে স্থান লাভ কৰিছে।
লণ্ডনৰ নেচাৰেল হিষ্ট্ৰী মিউজিয়ামৰ আয়োজনত এটি টিভি প্রেজেন্টাৰ আৰু কেমব্রিজৰ ৰয়েল হাইনেছ ওফ ডাচেছেৰ যৌথ উদ্যোগত এই পুৰস্কাৰটি প্ৰদান কৰা হয়।
ছবিত দেখা গৈছে, চাইবেৰিয়ান বনাঞ্চলৰ এজোপা প্রাচীন মাঞ্চুৰিয়ান গছক আলিংগন কৰি আছে এটি চিতাবাঘে। এই ছবিখনেই ৱাইল্ড লাইফ ফটোগ্রাফি পুৰস্কাৰ পাবলৈ সক্ষম হৈছে।
ছবিখনক পুৰস্কাৰ প্ৰদান কৰি বিচাৰকে কৈছে, ছের্গেইয়েৰ তোলা ছবিখনত টেক্সচাৰৰ যি বিৰল সৌন্দর্য ধৰা পৰিছে, সেয়া কেৱল কোনো পেইন্টিংতহে থাকিব পাৰে!
উল্লেখ্য যে গোপন কেমেৰা ব্যৱহাৰ কৰি এই মুহুর্তটো ধৰি ৰখা বিখ্যাত ফটোগ্রাফাৰ ছের্গেই গোৰ্ছকভক প্ৰায় ১১ মাহ সময় প্ৰয়োজন হৈছিল। সেই ধৈয্যই তেওঁক ২০২০ চনৰ শ্ৰেষ্ঠ ফটোগ্ৰাফাৰৰ সন্মান লাভ কৰিবলৈ সক্ষম কৰালে।
ৰোচী ফটোগ্ৰাফাৰ ছের্গেই গোৰ্ছকভৰ আন এখন বিশেষ ফটোগ্ৰাফ-