ফোনৰ ব্যৱহাৰ কমাই জীৱন উপভোগৰ পৰামর্শ ম’বাইলৰ স্রষ্টা কুপাৰৰ
ম’বাইল ফোনে জীৱনলৈ কঢ়িয়াইছে যান্ত্রিকতা
নিয়মীয়া বাৰ্তা, ৫ জুলাইঃ প্রথম ‘ৱায়াৰলেছ ফোন’ আৱিষ্কাৰ কৰি সমগ্র বিশ্বত চমক সৃষ্টি কৰিছিল মার্টিন কুপাৰে৷ যোৱা শতিকাৰ ৭০ৰ দশকত ‘মটৰ’লা ডাইনাটেক ৮০০০এক্স’ নামৰ ম’বাইল ফোনটোৰ জৰিয়তে আৰম্ভ হৈছিল যাত্রা৷ আজি সেই ম’বাইল ফোনে দুনিয়া সলনি কৰি দিছে৷ ম’বাইল ফোনৰ অন্যতম স্রষ্টা মার্টিন কুপাৰে নিজেই ফোনৰ পৰা আঁতৰত থাকিবলৈ লৈছে৷ দিনটোৰ ৫ শতাংশতকৈও কম সময় স্মার্ট ফোন ব্যৱহাৰ কৰে কুপাৰে৷
শেহতীয়াকৈ কুপাৰে উল্লেখ কৰিছে যে জীৱনটোক উপভোগ কৰিবলৈ হ’লে ম’বাইল ফোনৰ ব্যৱহাৰ কমাব লাগিব৷ আমেৰিকা চিকাগো চহৰৰ বাসিন্দা মার্টিন কুপাৰে সংবাদ সংস্থা বিবিচিৰ আগত উল্লেখ কৰিছে যে চেলফোন হ’ব লাগিব মানুহৰ ব্যক্তিগত ফোন৷ যাতে এটা নম্বৰ ডায়েল কৰি কোনো বিশেষ স্থান নহয়, মাত্র এগৰাকী বিশেষ ব্যক্তিৰ সৈতে যোগাযোগ কৰাৰ সম্ভৱ হৈ পৰে৷ অত্যধিক ম’বাইল ফোনৰ ব্যৱহাৰে মানুহৰ জীৱনলৈ যান্ত্রিকতা কঢ়িয়াই আনিছে৷ গতিকে জীৱন উপভোগ কৰাটো মানুহৰ বাবে সমস্যা হৈ পৰিছে ম’বাইল ফোনৰ ব্যৱহাৰৰ ফলত৷