প্রধানমন্ত্রী মোদীৰ প্রস্তাৱিত ভ্রমণৰ পূর্বে অঘটন: বাংলাদেশত শতাধিক হিন্দু পৰিয়ালত আক্রমণ
নিয়মীয়া বাৰ্তা ১৯ মাৰ্চঃ ছ’চিয়েল মিডিয়া প্লেটফর্ম ফেচবুকত এটা পোষ্টৰ অচিলা লৈ প্রতিবেশী বাংলাদেশৰ সুনামগঞ্জৰ এখন গাঁৱত শতাধিক হিন্দু লোকৰ ঘৰত আক্রমণ চলায় মৌলবাদী সংগঠন হেফাজতে ইছলামৰ সমর্থকসকলে৷ কালি পুৱতিনিশা কেইবা হাজাৰো মৌলবাদীয়ে দেশীয় অস্ত্র লৈ হিন্দু গাঁওখনত চলোৱা আক্রমণৰ ঘটনাক লৈ সৃষ্টি হৈছে তীব্র চাঞ্চল্য৷ আক্রমণৰ সময়ছোৱাত হিন্দু পৰিয়ালবোৰৰ ৮টা মন্দিৰো ভাঙি লণ্ডভণ্ড কৰে মৌলবাদীবোৰে৷
ইফালে হিন্দু পৰিয়ালসমূহৰ ঘৰৰ পৰা বিভিন্ন সামগ্রী লুট কৰি লৈ যায় মৌলবাদী সংগঠনটোৰ সদস্যসকলে৷ প্রধানমন্ত্রী মোদীৰ প্রস্তাৱিত বাংলাদেশ ভ্রমণৰ মাত্র ১০ দিন পূর্বে সংঘটিত এই আক্রমণৰ ঘটনাক কেন্দ্র কৰি সৃষ্টি হৈছে তীব্র চাঞ্চল্য৷ বিভিন্ন সংগঠনে এই আক্রমণৰ ঘটনাক তীব্র গৰিহণা দিছে৷শ্বেইখ হাছিনা চৰকাৰৰ পথ পৰিবহণ আৰু সেতু মন্ত্রী ওবাইডুল কাডেৰে উল্লেখ কৰিছে যে ভাৰতৰ প্রধানমন্ত্রী মোদীৰ প্রস্তাৱিত বাংলাদেশ ভ্রমণৰ পূর্বে সংঘটিত এনে ঘটনাক লৈ তেওঁ অত্যন্ত লজ্জিত৷ এই ঘটনাত জড়িত দুষৃকতিকাৰীক নজিৰবিহীন শাস্তি প্রদান কৰা হ’ব বুলিও ঘোষণা কৰে মন্ত্রীগৰাকীয়ে৷
ইফালে এই ঘটনাত জড়িত থকা বুলি সন্দেহ কৰি একাংশ লোকক আটক কৰা হৈছে বুলিও স্থানীয় সংবাদ মাধ্যমে সদৰী কৰিছে৷ স্মর্তব্য যে পূর্বেও বাংলাদেশত হিন্দু লোকৰ ওপৰত সংঘটিত আক্রমণক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল৷ শেহতীয়া ঘটনায়ো সৃষ্টি কৰিছে উত্তেজনা৷