নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তলাবন্ধত দুর্ভিক্ষৰ কবলত পৰিব আফ্রিকা

নিয়মীয়া বাৰ্তা,  ৭ মে’ : ক’ৰোনা মহামাৰীয়ে মহাকালৰ আশংকা কঢ়িয়াই আনিছে আফ্রিকালৈ৷ আফ্রিকাৰ ২০খন দেশৰ দুই তৃতীয়াংশতকৈ অধিক লোকে আগন্তুক ১৪টা দিন ঘৰৰ ভিতৰতে আবদ্ধ হৈ থাকিলে দুর্ভিক্ষৰ সন্মুখীন হ’ব লাগিব বুলি এক সমীক্ষাত প্রকাশ পাইছে৷

ক’ৰোনা ভাইৰাছৰ সংক্রমণ প্রতিৰোধী তলাবন্ধৰ ফলত দেশে দেশে ঘৰতে আবদ্ধ হৈ পৰিবলগীয়া হৈছে সাধাৰণ লোক৷ আফ্রিকাত শেহতীয়াকৈ ক’ৰোনা ভাইৰাছ বা ক’ভিড–১৯ৰ দ্রুত বিস্তাৰ ঘটিছে৷ ইয়াৰ ফলত মহাদেশখনৰ বেছিভাগ দেশতেই ঘোষণা কৰা হৈছে তলাবন্ধ৷ তলাবন্ধৰ নিষেধাজ্ঞাৰ ফলত সাধাৰণ শ্রমজীৱী লোকসকল ঘৰতেই আবদ্ধ হৈ পৰিছে৷

আনকি এই সময়ত বহুতে হেৰুৱাব লগা হৈছে কর্মসংস্থাপন৷ আফ্রিকাৰ ৰোগ নিয়ন্ত্রণ তথা প্রতিৰোধ গৱেষণা কেন্দ্রৰ পৰা চলোৱা সমীক্ষাত ২০খন দেশত গৰিষ্ঠসংখ্যক লোক দুর্ভিক্ষৰ কবলত পৰিব বুলি ঘোষণা কৰা হৈছে৷ এই দেশবোৰৰ দুই–তৃতীয়াংশ লোকৰ খোৱাপানী আৰু খাদ্যৰ নাটনি হ’ব৷ বিশেষকৈ আগন্তুক দুটা সপ্তাহ যদি ঘৰৰ ভিতৰতে আবদ্ধ হৈ থাকিবলগীয়া হয়, তেন্তে আফ্রিকাজুৰি সৃষ্টি হ’ব দুর্ভিক্ষ৷ অর্থাৎ ক’ৰোনা ভাইৰাছ মহামাৰীয়ে প্রত্যক্ষভাৱে নহ’লেও পৰোক্ষভাৱে আফ্রিকাৰ দেশসমূহত বহু লোকৰ প্রাণকঢ়াৰ আশংকা আহি পৰিছে৷

স্মর্তব্য যে ৰাষ্ট্রসংঘৰ তৰফৰ পৰা ইতিমধ্যে ক’ৰোনা ভাইৰাছ মহামাৰীৰ বাবে বিশ্বজুৰি কেইবা নিযুতো লোক খাদ্য সংকটৰ কবলত পৰিব বুলি সতর্কবাণী কৰা হৈছে৷ বিশ্বৰ সর্বোচ্চ সংস্থাটোৰ সচিবপ্রধান এণ্ট’নি’ গুটেৰেছে এই মহামাৰীৰ বিৰুদ্ধে যুঁজিবলৈ বিশ্ববাসীক ঐক্যবদ্ধ হ’বলৈ আহ্বান জনোৱাৰ উপৰি দুর্ভিক্ষাক্রান্ত অঞ্চলসমূহলৈ সাহায্য পুঁজি প্রেৰণ কৰিবলৈও আহ্বান জনাই আহিছে৷

You might also like