লেটিন আমেৰিকাত ধুমুহা ‘লোটা’ৰ তাণ্ডৱ, ৩০জনৰ মৃত্যু
নিয়মীয়া বাৰ্তা, ২০ নৱেম্বৰঃ লেটিন আমেৰিকাৰ কেইবাখনো দেশত আটলাণ্টিকত উৎপত্তি হোৱা সামুদ্রিক ধুমুহা লোটাই সৃষ্টি কৰিছে তাণ্ডৱ৷ নিকাৰাগুৱা আৰু ইয়াৰ প্রতিৱেশী দেশসমূহত এই ধুমুহাই কঢ়িয়াই অনা মুষলধাৰ বৃষ্টিপাতে পৰিস্থিতি জটিল কৰি তুলিছে৷ এতিয়ালৈকে নিকাৰাগুৱা, হণ্ডুৰাছ, কলম্বিয়া, পানামা আৰু এল ছালভাডৰত প্রাণ হেৰুৱাইছে কমপক্ষেও ৩০গৰাকী লোকে৷ ধুমুহাৰ পিছত বৃষ্টিপাতে বিভিন্ন চহৰ প্লাৱিত কৰাৰ উপৰি ভূমিস্খলনত কেইবাগৰাকীও লোকৰ মৃত্যু হৈছে৷
স্মর্তব্য যে ১৯৩২ চনৰ পিছত আটলাণ্টিকত মাত্র এটা বর্ষত অভিলেখসংখ্যক ধুমুহাৰ উৎপত্তি ঘটিছে৷ অতি বিপজ্জনক ধুমুহা হিচাপে চিহ্ণিত লোটাই কেইবাখনো দেশত সংহাৰ সৃষ্টি কৰাৰ মাত্র দুসপ্তাহ পূর্বে ধুমুহা ইটাই ধ্বংসলীলাৰ সৃষ্টি কৰিছিল৷ এই ধুমুহাৰ ফলত কেইবালাখো লোক গৃহহীন হৈছে৷