নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আইএমএফ : ’২৪ত ভাৰতৰ বিকাশৰ হাৰ ৬.৩ শতাংশলৈ হ’ব বৃদ্ধি

ষ্টাফ ৰিপ’ৰ্টাৰ, ১২ অক্টোবৰ : “চলিত ২০২৩–২৪ বিত্তীয় বর্ষত ভাৰতৰ বিকাশৰ হাৰ ৬.৩ শতাংশলৈ বৃদ্ধি পাব৷ এই ধাৰা পৰৱর্তী ২০২৪–২৫ বিত্তীয় বর্ষতো থাকিব৷ অর্থাৎ ২০২৪–২৫ বিত্তীয় বর্ষতো ভাৰতৰ বিকাশৰ হাৰ ৬.৩ শতাংশ হ’ব৷ আন্তর্জাতিক মুদ্রা নিধি চমুকৈ আইএমএফৰ সংশোধিত প্রতিবেদনত এই তথ্য প্রকাশ পাইছে৷ উল্লেখ্য যে ইয়াৰ পূর্বে আইএমএফে জুলাই মাহত প্রকাশ কৰা প্রতিবেদনত ভাৰতৰ বিকাশৰ হাৰ চলিত বিত্তীয় বর্ষত ৬.১ শতাংশ হ’ব বুলি প্রতিবেদনত প্রকাশ কৰিছিল৷ ৱর্ল্ড ইক’নমিক আউটলুকত আইএমএফে প্রকাশ কৰা মতে, ভাৰতৰ বিকাশ শক্তিশালী হৈ ২০২৩ আৰু ২০২৪ বিত্তীয় বর্ষত ৬.৩ শতাংশ হ’ব৷ এপ্রিল–জুন মাহত শক্তিশালী চাহিদা বৃদ্ধিৰ প্রতিফলন স্বৰূপে ২০২৩–২৪ বিত্তীয় বর্ষত বিকাশৰ হাৰ ০.২ শতাংশ পইণ্ট উন্নীত হ’ব৷ এই বর্ষকেইটাত পাইকাৰী মুদ্রাস্ফীতি ক্রমে ৫.৫ শতাংশ আৰু ৪.৫ শতাংশলৈ নিম্নগামী হ’ব৷ প্রতিবেদন মতে, ২০ বেছিছ পইণ্টৰে ২০২৩–২৪ বর্ষত দেশখনৰ বিকাশৰ হাৰ ৬.৩ শতাংশ হ’ব৷ তাৎপর্যপূর্ণ যে আইএমএফৰ উপৰি বিশ্ব বেংকে চলিত বিত্তীয় বর্ষত ভাৰতৰ বিকাশৰ হাৰ ৬.৩ শতাংশ, এছিয়ান ডেভেলপমেণ্ট বেংকে ৬.৪ শতাংশ হ’ব বুলি সম্ভাৱনা ব্যক্ত কৰিছে৷ আনপিনে, দেশৰ বিত্ত মন্ত্রালয় আৰু ভাৰতীয় ৰিজার্ভ বেংকে ২০২৩–২৪ বিত্তীয় বর্ষত ভাৰতৰ বিকাশৰ হাৰ ৬.৫ শতাংশ হ’ব বুলি প্রকাশ কৰিছে৷ আনহাতে, ঋণৰ ক্ষেত্রত ভাৰতৰ জিডিপিৰ ৮১.৯ শতাংশ বোজা আছে৷ ইয়াৰ বিপৰীতে চীনৰ জিডিপিৰ বিপৰীতে ঋণৰ বোজা ৮৩ শতাংশ৷ তুলনাত্মক দৃষ্টিত চীনতকৈ ভাৰতৰ ঋণৰ বোজা কম৷ স্মর্তব্য যে আইএমএফে ভাৰতৰ বিকাশৰ হাৰ শক্তিশালী হ’ব বুলি প্রতিবেদন প্রকাশ কৰাৰ পিছত দেশৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ নেতৃত্বক ভূয়সী প্রশংসা কৰিছে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে৷ কেন্দ্রীয় গৃহমন্ত্রীগৰাকীয়ে সামাজিক মাধ্যম এক্সত কয় যে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ দূৰদৃষ্টিসম্পন্ন নেতৃত্বৰ বাবেই দেশৰ বিকাশৰ হাৰ ৬.৩ শতাংশলৈ বৃদ্ধিৰ সম্ভাৱনা থকা বুলি আইএমএফে প্রকাশ কৰিছে৷

You might also like