নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাংলাদেশত মুছলিম দুর্বৃত্তই ভাঙি লণ্ডভণ্ড কৰিলে ইস্কন মন্দিৰ

নিয়মীয়া বাৰ্তা, ১৭ অক্টোবৰ: চুবুৰীয়া ৰাষ্ট্র বাংলাদেশত হিন্দু ধর্মাৱলম্বী লোক আৰু হিন্দুৰ মঠ–মন্দিৰত মুছলিম দুর্বৃত্তৰ আক্রমণ অব্যাহত আছে৷ দুর্গাপূজা উদযাপনৰ সময়ত দেশখনৰ ২২খন জিলাত হিন্দু ধর্মাৱলম্বী লোকৰ দুর্গাপূজাস্থলীত মুছলিম দুর্বৃত্তই আক্রমণ কৰি মূর্তি লণ্ডভণ্ড কৰাৰ লগতে ভক্তকো নির্যাতন চলায়৷ দেশখনৰ প্রধানমন্ত্রী শ্বেখ হাছিনাই দুর্বৃত্তক চিনাক্ত কৰি শাস্তি বিহাৰ সকীয়নি দিয়াৰ পাছত কেইঘণ্টামান পৰিস্থিতি নিয়ন্ত্রণ হৈছিল যদিও পুনৰ হিন্দু ধর্মাৱলম্বী লোক আৰু মন্দিৰত আক্রমণ চলাইছে মুছলিম দুর্বত্তই৷ নোৱাখলিৰ ইস্কন মন্দিৰত অতি কমেও ৫ শতাধিক মুছলিম দুর্বৃত্তই আক্রমণ কৰি মন্দিৰ লণ্ডভণ্ড কৰাৰ লগতে পুৰোহিত আৰু ভক্তক দানবীয় নির্যাতন চলায়৷

ইস্কনৰ সদস্য অনুকূল গোবিন্দ দাসে প্রকাশ কৰা মতে, নোৱাখলিৰ ইস্কন মন্দিৰত প্রায় ৫০০ মুছলিম দুর্বৃত্তই ভয়াৱহ আক্রমণ চলাই হিংসাত্মক কার্যকলাপ সংঘটিত কৰে৷ মুছলিম দুর্বৃত্তই তলাবন্ধ গেট ভাঙি পুৰোহিত আৰু ভক্তক আক্রমণ কৰি পিছলৈ মন্দিৰৰ ভিতৰত সোমাই গৈ লণ্ডভণ্ড কৰে৷ ঘাটত থকা এজন ভক্তক মুছলিম দুর্বত্তই আগুৰি ধৰি নির্মমভাৱে প্রহাৰ কৰাত মৃত্যু ঘটে আৰু মৃত ভক্তজনৰ দেহ পুখুৰীত দলিয়াই দিয়ে৷ পুখুৰীৰ পৰা উদ্ধাৰ কৰা ভক্তজনক ২৬ বছৰীয়া প্রান্ত চন্দ্র দাস বুলি চিনাক্ত কৰা হৈছে৷

আন এগৰাকী নিমাইকৃষ্ণ দাস নামৰ ব্রহ্মচাৰীক দুর্বৃত্তই নির্মম প্রহাৰ কৰাত সংকটজনক অৱস্থাত চিকিৎসালয়ত ভর্তি হৈ আছে৷ মন্দিৰৰ ভিতৰত প্রৱেশ কৰি মুছলিম দুর্বৃত্তই আচবাব, মূর্তি ধ্বংস কৰি সেইবোৰ ভিডি’ ৰেকর্ডিং কৰে৷ তদুপৰি চৌহদত থকা মটৰচাইকেল, ৰথ আৰু বিভিন্ন সামগ্রী জ্বলাই দিয়ে৷ আনপিনে মন্সিগঞ্জৰ চিৰাজদিখনৰ ৰাছুনিয়াস্থিত ডানিয়াপাৰা মহা শোষণ কালী মন্দিৰটো মুছলিম দুর্বৃত্তই আক্রমণ কৰি লণ্ডভণ্ড কৰে৷

সাম্প্রদায়িক সংঘর্ষৰ উত্তেজনা চলি থকা দেশখনৰ ৰাছুনিয়াৰ কালী মন্দিৰটোৰ ৬টা মূর্তি দুর্বৃত্তই ভাঙি–ছিঙি লণ্ডভণ্ড কৰে৷ চিৰাজদিখনৰ সহকাৰী আৰক্ষী আয়ুক্ত মহম্মদ ৰছিদুল ইছলামে প্রকাশ কৰা মতে, আজি পুৱা ৩ৰ পৰা ৪ বজাৰ ভিতৰত একাংশ মুছলিম দুর্বৃত্তই মন্দিৰটোত আক্রমণ চলায়৷ আনহাতে বেগুমগঞ্জত শুকুৰবৰীয়া নামাজৰ পাছত কেইবাশ মুছলিম দুর্বৃত্তই বিজয়া দশমীত অংশ লোৱা লোকৰ ওপৰত আক্রমণ চলায়৷ এই আক্রমণৰ সময়ত দুজন লোকে প্রাণ হেৰুৱাইছে৷ তথ্য মতে দুর্গাপূজাৰ সময়ত মুছলিম দুর্বৃত্তৰ আক্রমণৰ ফলত ডেৰ শতাধিক হিন্দু লোক আহত হৈছে৷ ৮০তকৈ অধিক পূজাথলী লণ্ডভণ্ড কৰিছে৷

You might also like