পর্যটকৰ বাবে সুখবৰঃ পূজাৰ পূৰ্বেই আৰম্ভ হ’ব পাৰে ভাৰত-ভূটান উৰণ
নিয়মীয়া বাৰ্তা, ৫ অক্টোবৰঃ পর্যটকসকলৰ বাবে সুখবৰ। সকলো ঠিকে থাকিলে অহা অক্টোবৰতেই সম্ভৱত আৰম্ভ হ’ব ভাৰত–ভূটান উৰণ। এই প্রসংগত ইতিমধ্যে ভূটানৰ (Bhutan) ড্রুক এয়াৰ (Druk Air) কর্তৃপক্ষ জনাইছে, তেওঁলোক প্ৰতি সপ্তাহত তিনিটা পথত এবাৰকৈ উৰণৰ বাবে আগ্রহী। বাগডোগৰা–পাৰো, পাৰো–কলকাতা আৰু পাৰো-দিল্লী এই তিনিটা পথত চলিব বিমান। কভিডৰ সকলো বিধি মানি আৰু যাত্রী সুৰক্ষা বজায় ৰাখি এই উৰণ আৰম্ভ কৰাৰ প্রস্তাব দিয়া হৈছে।